অসম

assam

ETV Bharat / bharat

হাইড্ৰক্সিক্ল'ৰকুইনৰ পাৰ্শ্ব-প্ৰতিক্ৰিয়াৰ ওপৰত গৱেষণা অব্যাহত আছে: কেন্দ্ৰীয় চৰকাৰ - 75.3% dead are over 60 yrs; HCQ side-effects research is on: Govt

কেন্দ্ৰীয় স্বাস্থ্য বিভাগৰ যুটীয়া সচিব লাব আগৰৱালে শনিবাৰে কয় যে,দেশত কোভিড-১৯ৰ ফলত হোৱা মৃত্যুৰ হাৰ ৩.৩ শতাংশ আৰু ৮৩ শতাংশ ঘটনাই অন্য়ান্য কাৰণত হোৱা বুলি প্ৰকাশ কৰিছে ।

হাইড্ৰক্সিক্ল'ৰকুইনৰ পাৰ্শ্ব-প্ৰতিক্ৰিয়াৰ ওপৰত গৱেষণা অব্যাহত আছে
হাইড্ৰক্সিক্ল'ৰকুইনৰ পাৰ্শ্ব-প্ৰতিক্ৰিয়াৰ ওপৰত গৱেষণা অব্যাহত আছে

By

Published : Apr 19, 2020, 3:56 PM IST

নিউজ ডেস্ক, ১৯ এপ্ৰিলঃকেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে শনিবাৰে কয় যে, দেশত ৮৩ শতাংশ কৰ'ণা ভাইৰাছৰ ঘটনাই অন্যান্য কাৰকৰ দ্বাৰা সংঘটিত আৰু মৃত্যু হোৱা লোকৰ ৭৫.৩ শতাংশ লোকৰে বয়স ৬০ৰ ঊৰ্ধৰ । দেশত কৰ'ণা ভাইৰাছৰ ফলত সংঘটিত হোৱা মৃত্যুৰ হাৰ হৈছে ৩.৩. শতাংশ আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে হাইড্ৰক্সিক্ল'ৰকুইনৰ পাৰ্শ্ব-প্ৰতিক্ৰিয়াৰ ওপৰত গৱেষণা অব্যাহত ৰাখিছে । কেন্দ্ৰীয় স্বাস্থ্য় মন্ত্ৰালয়ৰ যুটীয়া সচিব লাব আগৰৱালে এই কথা প্ৰকাশ কৰিছে ।

মৃত্যু হোৱা লোকৰ ভিতৰত 14.4% লোক 0 ৰ পৰা 45 বছৰ বয়সৰ; 10.3% লোক 45-60 বছৰ বয়সৰ; 33.1% লোক 60-75 বছৰ বয়সৰ আৰু 42.2% লোক 75 বছৰ অথবা ইয়াৰ ঊৰ্ধৰ বুলি জনায় যুটীয়া সচিবগৰাকীয়ে । দেশত কোভিড-১৯ত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰা লোকৰ হাৰ হৈছে 13.85 শতাংশ ।

ভাৰতীয় স্বাস্থ্য় গৱেষণা পৰিষদৰ মহামাৰী আৰু সংক্ৰমণযোগ্য ৰোগ (Epidemiology and Communicable Diseases-I. ECD-I)ৰ জ্যেষ্ঠ গৱেষক ডাঃ ৰমন আৰ গংগাখেড়কাৰে এক প্ৰশ্নৰ উত্তৰত কয় যে, হাইড্ৰক্সিক্ল'ৰকুইনৰ পাৰ্শ্ব-প্ৰতিক্ৰিয়াৰ ওপৰত যথাযথ অধ্যয়ন অব্যাহত আছে যদিও প্ৰয়োগ কৰিবলৈ কোনো প্ৰমাণ নথকাৰ বাবে এতিয়ালৈকে ইয়াৰ ওপৰত প্ৰয়োগ অধ্যয়ন কৰা হোৱা নাই ।

হাইড্ৰক্সিক্ল'ৰকুইনৰ ওপৰত অধ্যয়ন কৰিবলৈ ৪৮০ গৰাকী ৰোগীৰ লগতে ৮ সপ্তাহ অথবা আঢ়ৈ মাহৰ প্ৰয়োজন হয় । লক ডাউনৰ সময়ছোৱাত এইদৰে অধ্যয়ন আগবঢ়াই নিয়াত বহুটো অসুবিধা হৈছে । সেয়েহে আমি অন্যধৰণৰ এটা অধ্য়য়ন আৰম্ভ কৰিছো, য'ত স্বাস্থ্য সেৱাৰ সৈতে জড়িত গড়ে প্ৰায় ৩৫ বছৰ বয়সৰ কৰ্মীসকলক হাইড্ৰক্সিক্ল'ৰকুইন দিবলৈ আৰম্ভ কৰা হৈছে । এই প্ৰক্ৰিয়াত সাধাৰণভাৱে লক্ষ্য কৰা পাৰ্শ্ব-প্ৰতিক্ৰিয়াসমূহৰ ভিতৰত উল্লেখনীয় আছিল পেটৰ বিষ,প্ৰায় ১০ শতাংশৰ দেহত এই লক্ষণ দেখা গৈছিল । বাকী ৬ শতাংশৰ দেহত বমি বমি ভাৱৰ লক্ষণ, ১.৩ শতাংশৰ দেহত হাইপোগ্লাইকেমিয়া(Low Blood Sugar)ৰ লক্ষণ দেখা গৈছিল । পৰীক্ষা কৰা হোৱা ২২ শতাংশ স্বাস্থ্যকৰ্মীৰে দেহত মধুমেহ,ৰক্তচাপ,স্নায়ৱিক দুৰ্বলতা আৰু গাঁথিৰ বিষ আছিল । স্বাস্থ্যখণ্ডৰ সৈতে জড়িত থাকিও প্ৰায় ১৪ শতাংশ লোকে ইচিজি নকৰে,আৰু সৰ্বভাৰতীয় আয়ুৰ্বিদ্যা প্ৰতিষ্ঠানে হাইড্ৰক্সিক্ল'ৰকুইনৰ ওপৰত থেৰাপেটিক আৰু প্ৰ'ফিলেটিক পৰীক্ষণ অব্যাহত ৰাখিছে বুলি কয় জ্যেষ্ঠ গৱেষক ডাঃ ৰমন আৰ গংগাখেড়কাৰে ।

লগতে পঢ়কঃগৰ্ভাৱস্থা আৰু কোভিড-১৯,আমি চিন্তিত হোৱা উচিতনে ?

ABOUT THE AUTHOR

...view details