অসম

assam

ETV Bharat / bharat

২১,০৯৩ গৰাকী লোকৰ বিৰুদ্ধে গোচৰ দাখিল দিল্লী আৰক্ষীৰ

ৰাজধানী দিল্লীত প্ৰতিদিনে দ্ৰুত গতিত বৃদ্ধি পাইছে কোভিড-১৯ আক্ৰান্ত লোকৰ সংখ্যা। এইপৰ্যন্ত মুঠ ৮৭,৩৬০ গৰাকী লোকৰ কোভিড-১৯ পজিটিভ পোৱাৰ বিপৰীতে মৃত্যুমুখত পৰিছে ২,৭৪২ গৰাকী ৰোগী।

By

Published : Jul 1, 2020, 9:43 PM IST

coronavirus guidelines
746 challans in Delhi for violation of coronavirus guidelines

নিউজ ডেস্ক, ১ জুলাই : কোভিড-১৯ৰ নিয়মাৱলী উলংঘা কৰা ৭৪৬ গৰাকী লোকৰ বিৰুদ্ধে বুধবাৰে দিল্লী আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ। মাস্ক পৰিধান নকৰা, ৰাজহুৱা স্থানত থু পেলোৱা, সামাজিক দূৰত্ব বৰ্তাই নাৰাখা আদি লোকৰ বিৰুদ্ধে ৰুজু হৈছে এই গোচৰ। দিল্লী আৰক্ষীয়ে ইতিমধ্যে কোভিড-১৯ৰ নিয়মাৱলী উলংঘা কৰা মুঠ ২১,০৯৩ গৰাকী লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে।

কোভিড-১৯ৰ নিয়ম উলংঘনৰ বাবে ২১,০৯৩ গৰাকী লোকৰ বিৰুদ্ধে গোচৰ দিল্লী আৰক্ষীৰ

উল্লেখ্য যে, ৰাজধানী চহৰখনত প্ৰতিদিনে দ্ৰুত গতিত বৃদ্ধি পাইছে কোভিড-১৯ আক্ৰান্ত লোকৰ সংখ্যা। এইপৰ্যন্ত মুঠ ৮৭,৩৬০ গৰাকী লোকৰ কোভিড-১৯ পজিটিভ পোৱা গৈছে। এই লোকসকলৰ ভিতৰত বৰ্তমান ২৬,২৭০ গৰাকী লোক চিকিৎসাধীন অৱস্থাত থকাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে ৫৮,৩৪৮ গৰাকী ৰোগীয়ে। আনহাতে, ৰাজধানী চহৰখনত এই মহামাৰীৰ ফলত মৃত্যুমুখত পৰিছে মুঠ ২,৭৪২ গৰাকী ৰোগী।

লগতে পঢ়ক :শিলঘাটৰ অসম সমবায় মৰাপাট কলৰ শ্ৰমিকক আক্ৰমণ

ABOUT THE AUTHOR

...view details