অসম

assam

ETV Bharat / bharat

প্ৰকৃতিৰ সমলেৰে পৰিচালিত এখন ঘৰ আৰু এগৰাকী 73 বছৰীয়া বৃদ্ধ ...

প্ৰকৃতি প্ৰেমৰ নিদৰ্শন দাঙি ধৰা এগৰাকী বৃদ্ধ ৷ কি সূৰ্যৰ পোহৰ, কি বৰষুণৰ পানী সকলোৰে সদব্যৱহাৰ বৃদ্ধগৰাকীৰ ৷

By

Published : May 17, 2019, 2:21 PM IST

প্ৰকৃতিৰ সমলেৰে পৰিচালিত এখন ঘৰ

নিউজ ডেস্ক, 17 মে' : চেন্নাইৰ এগৰাকী 73 বছৰীয়া বৃদ্ধৰ অনন্য প্ৰয়াস ৷ দাঙি ধৰিছে প্ৰকৃতি প্ৰেমৰ নিদৰ্শন ৷ প্ৰকৃতিৰ লগত গঢ়ি তোলা বন্ধুত্বপূৰ্ণ সম্পৰ্কেৰে অশেষ কষ্টৰে সজাইছে নিজৰ ঘৰখন ৷ সেউজীয়া পৰিৱেশৰ মাজত প্ৰকৃতিৰ লাভ কৰা সমলসমূহৰ সদব্যৱহাৰেৰে পত্নীৰ সৈতে বসবাস ডি সুৰেশ নামৰ বৃদ্ধগৰাকীৰ ৷ কি সূৰ্যৰ পোহৰ, কি বৰষুণৰ পানী সকলোৰে সদব্যৱহাৰ কৰিছে বৃদ্ধগৰাকীয়ে ৷ সূৰ্যৰ তাপমাত্ৰাই সকলোকে দহিলেও সেই তাপমাত্ৰাৰ উচিত ব্যৱহাৰেৰে সৌৰশক্তি প্ৰস্তুত কৰি বিদ্যুৎ সংযোগ কৰিছে নিজ বাসগৃহত ৷ ইপিনে বৰষুণৰ পানীও সংৰক্ষণ কৰিও বৈজ্ঞানিক পদ্ধতিৰে সেই পানী খোৱাৰ উপযোগী কৰি তুলিছে বৃদ্ধগৰাকীয়ে ৷ ঘৰৰ চাদখনকো সদব্যৱহাৰেৰে চাদতে ৰুইছে ভিন্ন শাক-পাচলি ৷

প্ৰকৃতিৰ সমলেৰে পৰিচালিত এখন ঘৰ

20 বছৰ পূৰ্বে জাৰ্মানীলৈ ভ্ৰমণ কৰিবলৈ গৈ জাৰ্মানীৰ প্ৰতিঘৰ বাসিন্দাই ঘৰত ব্যৱহাৰ কৰা সৌৰশক্তিৰ লগতে চাদত ৰোৱা শাক-পাচলিয়ে দেখি অনুপ্ৰাণিত হৈছিল তেওঁ ৷ আৰু তাৰ পাচতেই আৰম্ভ কৰিছিল প্ৰকৃতি সমল সংৰক্ষণৰ তেওঁৰ এই যাত্ৰা ৷ কেৱল নিজ বাসগৃহতেই নহয়, ইতিমধ্যে চেন্নাই, বাংগালুৰু, হায়দৰাবাদৰ ভিন্ন বিদ্যালয়, হাস্পতাল, বৃদ্ধাশ্ৰমকে ধৰি ভিন্ন স্থানত 40 টা সৌৰশক্তিৰ পেনেলৰ লগতে বায়'গেছ উদ্ভিদৰ ব্যৱস্থা কৰিছে বৃদ্ধগৰাকীয়ে ৷

ইয়াৰ দ্বাৰাই বৃদ্ধগৰাকীয়ে প্ৰকৃতি প্ৰেমৰ এক বিৰল নিদৰ্শন দাঙি ধৰাৰ লগতে এতিয়া তেওঁৰ এই চিন্তাধাৰাই আকৰ্ষণ কৰিছে সকলোকে ৷

ABOUT THE AUTHOR

...view details