অসম

assam

ETV Bharat / bharat

73 বছৰ বয়সত প্ৰসৱ কৰিলে যমজ সন্তান - AP woman gives birth to twins

কাহানিও নোহোৱা এক ঘটনাৰে বিৰল নিদৰ্শন দাঙি ধৰিলে অন্ধ্ৰপ্ৰদেশৰ এহাল বৃদ্ধ পতি-পত্নীয়ে ৷ কৃত্ৰিম প্ৰজননৰ দ্বাৰা 73 বছৰ বয়সত যমজ সন্তান প্ৰসৱ কৰিলে অন্ধ্ৰপ্ৰদেশৰ এইগৰাকী মহিলাই ৷

73 বছৰ বয়সত প্ৰসৱ কৰিলে যমজ সন্তান

By

Published : Sep 5, 2019, 7:45 PM IST

Updated : Sep 5, 2019, 11:33 PM IST

নিউজ ডেস্ক, 5 ছেপ্তেম্বৰঃ73 বছৰ বয়সত মাতৃত্বৰ পবিত্ৰ অনুভুতি লাভ কৰিবলৈ সক্ষম হৈছে অন্ধ্ৰপ্ৰদেশৰ এগৰাকী মহিলাই ৷ ৰাজ্যখনৰ গুন্টুৰ চহৰত বৃহস্পতিবাৰে যমজ সন্তান প্ৰসৱ কৰি এই বিৰল নিদৰ্শন দাঙি ধৰিছে মংগায়াম্মা নামৰ মহিলাগৰাকীয়ে ৷

আই ভি এফ প্ৰক্ৰিয়াৰে গৰ্ভৱতী হোৱা মহিলাগৰাকীয়ে চহৰখনৰ অহল্যা নাৰ্ছিং হোমত দুটিকৈ সন্তান প্ৰসৱ কৰে ৷ চাৰিগৰাকী চিকিৎসকৰ এটা দলে মহিলাগৰাকীক অস্ত্ৰোপচাৰৰ দ্বাৰা সন্তান জন্ম দিয়াত সহায় কৰে ৷ বিশিষ্ট চিকিৎসক এছ উমাশংকৰে এয়া চিকিৎসা বিজ্ঞানৰ এক অভূতপুৰ্ব সাফল্য বুলি উল্লেখ কৰে ৷ ই ভৱিষ্যতে অন্যান্য নিঃসন্তান দম্পতীৰ বাবে যথেষ্ঠ আশাৰ বতৰা কঢ়িয়াই আনিবলৈ সক্ষম হ'ব ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বে হাৰিয়ানাৰ ডালজিন্দৰ কৌৰে 70 বছৰ বয়সত সন্তান প্ৰসৱ কৰি সন্তান জন্ম দিয়া পৃথিৱীৰ ভিতৰতে বৃদ্ধ মহিলাৰ গৌৰৱৰ অধিকাৰী হৈছিল ৷ 2016 চনত এটা পুত্ৰ সন্তান প্ৰসৱ কৰি এই গৌৰৱৰ অধিকাৰী হৈছিল কৌৰ ৷

অন্ধ্ৰপ্ৰদেশৰ পূব গোদাবৰী জিলাৰ নেলাপাৰ্টিপাড়ুৰ বাসিন্দা পতি-পত্নীহালে বিগত 54 বছৰে সন্তানহীন জীৱন কটাইছিল ৷ পৰৱৰ্তী সময়ত বিগত বৰ্ষত কৃত্ৰিম প্ৰজনন প্ৰক্ৰিয়াৰে সন্তান জন্ম দিবলৈ চিকিৎসকৰ কাষ চাপিছিল দম্পতীহালে ৷ সৰ্বমুঠ দহগৰাকী চিকিৎসকৰ তিনিটা দলে বিগত ন-মাহে মহিলাগৰাকীৰ স্বাস্থ্যৰ সকলো দিশ নিৰীক্ষণত ৰাখিছিল ৷ অৱশেষত বৃহস্পতিবাৰে ভাল খবৰটো লাভ কৰে দম্পতীহালে ৷ চিকিৎসালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি, বৰ্তমানে মাতৃ-সন্তান আটাইৰে স্বাস্থ্য কুশলে আছে আৰু অনাগত কিছুদিন চিকিৎসকৰ নিৰীক্ষণত থাকিব ৷

Last Updated : Sep 5, 2019, 11:33 PM IST

ABOUT THE AUTHOR

...view details