নিউজ ডেস্ক, ১৩ আগষ্ট: শ্ৰীৰামপুৰৰ সমৰেন্দ্ৰ ঘোষ নামৰ ৭২ বছৰীয়া অৱসৰপ্ৰাপ্ত অধ্যাপক গৰাকীয়ে অকলশৰীয়া জীৱনৰ পৰা উদ্ধাৰ পাবৰ বাবে বিবাহৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । তাৰ পিছতেই কেইমাহমান পূৰ্বে অধ্যাপক গৰাকীয়ে বাতৰি কাকতত দিলে এটা বিজ্ঞাপন ।
৭২ বছৰীয়া অধ্যাপক বহিল বিবাহত - শুভাকাঙ্খী
শ্ৰীৰামপুৰৰ এগৰাকী প্ৰাক্তন অধ্যাপক । নাম সমৰেন্দ্ৰ ঘোষ। ২০০৮ চনতে অৱসৰ গ্ৰহণ কৰা এই গৰাকী অধ্যাপকে জীৱনৰ বিয়লি বেলাত অকলশৰীয়াৰ জীৱনৰ পৰা উদ্ধাৰ পাবলৈ ৩৬ বছৰীয়া এগৰাকী মহিলাক কৰিলে বিবাহ ।

অকলশৰীয়াৰ পৰা উদ্ধাৰ হ'বলৈকে ৭২বছৰীয়া অধ্যাপকে কৰিলে বিবাহ
২২ বছৰে ৰিশ্ৰাৰ বিধান চন্দ্ৰ মহাবিদ্যালয়ত অধ্যাপনা কৰি অকলশৰীয়াকৈয়ে ওৰেটো জীৱন অতিবাহিত কৰি অৱসৰৰ ১২ বছৰৰ পিছত বিবাহৰ বাবে বাতৰি কাকতত দিয়া বিজ্ঞাপনক সহাঁৰি জনালে এগৰাকী মহিলাই । ৰিশ্ৰাৰে ৩৬ বছৰীয়া ইৰা ৰয় নামৰ মহিলা গৰাকী আগুৱাই আহিল ৭২ বছৰীয়া সমৰেন্দ্ৰ ঘোষৰ লগত বৈবাহিক জীৱন অতিবাহিত কৰিবলৈ ।
অৱশেষত শুভাকাংক্ষীৰ উপস্থিতিত দুয়ো বান্ধ খালে বৈবাহিক বান্ধোনৰে ।