অসম

assam

ETV Bharat / bharat

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি - মোদী

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি...

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি
সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি

By

Published : Jan 4, 2021, 6:54 PM IST

72 সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত উজ্বলিব অসমৰ চাহ

72 সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত উজ্বলিব অসমৰ চাহ ৷ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্রালয়ে আগন্তুক গণৰাজ্য দিৱসত চাহ শিল্পক অসমৰ প্ৰতীকপট হিচাপে প্ৰদৰ্শনৰ অনুমতি প্ৰদান কৰিছে ৷

ট‘কিঅ অলম্পিকলৈ মাজত মাত্ৰ 200 দিন

ট‘কিঅ অলম্পিকৰ আনুষ্ঠানিক বাজেট যোৱা মাহত 15.4 আৰৱ ডলাৰ নিৰ্ধাৰণ কৰা হৈছিল ৷ কিনতু আয়োজনত পলম হোৱাৰ বাবে ইয়াৰ বাজেট 2.8 আৰৱ ডলাৰলৈকে বৃদ্ধি হৈছে ৷

ৰ'বাৰ্ট ভাদ্ৰাৰ সৈতে আয়কৰ বিভাগৰ তদন্ত

আয়কৰ বিভাগ কৰ্তৃপক্ষই সোমবাৰে এক অভিযোগৰ ভিত্তিত বেনামী সম্পত্তি ৰখাৰ অভিযোগত ৰ'বাৰ্ট ভাদ্ৰাৰ বাসগৃহত তালাচী চলায় ৷ ভাদ্ৰা কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীৰ জোৱায়েক ৷ তেওঁ ছোনিয়া গান্ধীৰ কন্যা তথা কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে ৷

পাকিস্তানত ২০ বছৰ কাৰাবাস খাটি স্বদেশলৈ অহা ওড়িশাৰ ব্যক্তি সন্ধানহীন

শনিবাৰে নিশাৰ পৰা নিৰুদ্দিষ্ট হৈ আছে ওড়িশাৰ বিৰজু কুলু । ২০ বছৰ ধৰি পাকিস্তানত কাৰাবন্দীৰ জীৱন কটোৱা ওড়িশাৰ কটংগাৰ বিৰজু কুলু বিগত বৰ্ষৰ নৱেম্বৰ মাহত স্ব-গৃহত উপস্থিত হৈছিল । চোৰাংচোৱা বুলি সন্দেহ কৰি পাকিস্তানত কাৰাদণ্ড বিহিছিল ৫০ বছৰীয়া বিৰজুক ।

ত্ৰিপুৰাৰ অধিবক্তাৰ মৃত্যুৰ ঘটনাঃ মাতৃক ১০ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ

"চিকিৎসাজনিত অৱহেলা"ত মৃত্যু হোৱা প্ৰয়াত অধিবক্তা ভাস্কৰ দেবৰয়ৰ মাতৃক ১০ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ অগ্ৰিম নিৰ্দেশ দিয়ে ।

গাজিয়াবাদৰ ৰাজপথত মৃতদেহ থৈ ক্ষতিপূৰণ দাবী পৰিয়ালৰ

গাজিয়াবাদৰ মুৰাদনগৰত ছাদ খহি ২৫ জন লোকে প্ৰাণ হেৰুওৱাৰ পিছতে সোমবাৰে ক্ষতিপূৰণৰ দাবীত প্ৰতিবাদ মৃতকৰ পৰিয়ালৰ । ৰাজপথতে ৪টাকৈ মৃতদেহ থৈ ১০ লাখ টকাৰ ক্ষতিপূৰণ দাবী কৰি ৫৮ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে আত্মীয় আৰু স্থানীয় লোকে । মুখ্যমন্ত্ৰী অথবা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা লিখিতভাৱে আশ্বাস পত্ৰ লাভ নকৰা পৰ্যন্ত তেওঁলোকে চৰকাৰী কৰ্তৃপক্ষৰ কথা বিশ্বাস নকৰে বুলি স্পষ্ট কৰি দিয়ে ।

অতিমাত্ৰা বেংকৰ জাননী প্ৰেৰণেই উত্তম ত্ৰিপুৰাৰ আত্মহত্যাৰ কাৰণ

অতিৰিক্ত ঋণৰ বোজা সহিব নোৱাৰি আত্মহত্যা কৰিছিল ত্ৰিপুৰাৰ এগৰাকী শিক্ষকে ৷ তাৰ পাচতে শিক্ষক গৰাকীৰ পত্নীয়েও আত্মহত্যাৰ চেষ্টা চলাইছিল ৷ এই ঘটনা পাচতেই আত্মহত্যাৰ মূল কাৰণ পোহৰলৈ আহে ৷ উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশৰ পাচতে ৰাজ্যখনৰ প্ৰায় 10,323 জন শিক্ষকে চাকৰি হেৰুৱাইছিল,তাৰ ভিতৰত আছিল উত্তম ত্ৰিপুৰাও ৷ উত্তম ত্ৰিপুৰাই বেংকৰ পৰা লৈছিল ঋণ ৷ চাকৰি হেৰুওৱাৰ পাচতে ঋণ পৰিশোধ কৰিব নোৱাৰি অৱশেষত আত্মহত্যাৰ পথ বাছি লয় ৷

৫ জানুৱাৰীত কোচি-মাংগালুৰু গেছ পাইপলাইন উদ্বোধন কৰিব মোদীয়ে

৪৫০ কিঃমিঃ দৈৰ্ঘ্যৰ কোচি-মাংগালুৰু গেছ পাইপলাইন অহা ৫ জানুৱাৰীত উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । এই পাইপলাইনৰ জৰিয়তে পৰিৱেশৰ বাবে অনুকুল ইন্ধন যোগান ধৰা হ'ব । ৩,০০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে কোচি-মাংগালুৰু গেছ পাইপলাইন ।

অৱশেষত ৰাজ্যৰ কাৰাগাৰত শিথিল হ'ল ক'ভিড প্ৰট'কল

ৰাজ্যৰ কাৰাগাৰত শিথিল কৰা হ'ল ক'ভিড প্ৰট'কল । অসমত COVID-১৯ৰ সংক্ৰমণ হ্ৰাস পোৱাৰ বাবে ক'ভিড প্ৰট'কল শিথিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

মানচিত্ৰৰ পৰিসৰৰ পৰা হেৰাই যাব নেকি মৰিগাঁও !

1950 চনৰ বৰ ভূঁইকপৰ পিছত ব্ৰহ্মপুত্ৰৰ বুকুত পৰা প্ৰভাৱৰ পিছতে মৰিগাঁৱত গতিপথ সলনি কৰিছিল ব্ৰহ্মপুত্ৰ নদীয়ে ৷ 1979 চনৰ পিছৰে পৰা জিলাখনত ভয়ংকৰ ৰূপ ধাৰণ কৰি আহিছে খহনীয়াই ৷ 1988 চনত জিলাখনৰ প্ৰথমটো বানত জাহ গৈছিল উত্তৰ-পশ্চিম এলেকাৰ 96 খন গাঁও ৷ গৃহহীন হৈ পৰিছিল প্ৰায় 8,000 কৈ লোক ৷ মৈৰাবাৰী মৌজাৰ অধীনষ্ঠ চিতমমাৰী,মদাৰগুৰি, শালমাৰী আৰু গৰৈমাৰী গাঁৱৰ আজিও 2000 লোকৰ আশ্ৰয়স্থলী হৈ পৰিছে ৰাজপথ ৷

ABOUT THE AUTHOR

...view details