অসম

assam

ETV Bharat / bharat

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি - 7 বজাৰ দহটা শীৰ্ষ বাতৰি

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি..

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি
সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি

By

Published : Dec 27, 2020, 7:00 PM IST

24 বছৰে পলাতক ডাউদ ইব্ৰাহিমৰ সহযোগীক গ্ৰেপ্তাৰ

বিগত 24 বৰ্ষ ধৰি আৰক্ষীৰ চকুত ধুলি মাৰি পলাই ফুৰা ডাউদ ইব্ৰাহিমৰ সহযোগীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে গুজৰাট আৰক্ষী এটিএছে ৷

গুজৰাটৰ হোটেলৰ কোঠাত উদ্ধাৰ মহাৰাষ্ট্ৰৰ টেক্সি চালকৰ মৃতদেহ

বৰোদাৰ ছায়াজিগঞ্জ অঞ্চলৰ পিএম ৰিজেঞ্চী হোটেলৰ এটা কোঠালিত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা লাভ কৰা বিভিন্ন চেম্প‘ল সংগ্ৰহ কৰি ফৰেনচিক বিজ্ঞান গৱেষণাগাৰলৈ পৰৱৰ্তী তদন্তৰ বাবে প্ৰেৰণ কৰিছে ৷

ৰাখে হৰি মাৰে কোনে,মাৰে হৰি ৰাখে কোনে

কেৰালাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাতিত বাগৰি পৰে এখন ট্ৰাক ৷ সমগ্ৰ দৃশ্য আবদ্ধ হ’ল চিচি টিভিৰ কেমেৰাত ৷

বিহাৰত চাইবাৰ অপৰাধীৰ ভয়াৱহ জাল

বিহাৰত বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা ৷ দেওবাৰে এখন জিলাত গোচৰ হৈছে দুটাকৈ গোচৰ ৷ বেংকৰ পৰা অজ্ঞাত লোকে বৃহৎ পৰিমানৰ টকা হৰলুকি কৰিছে ৷ ঘটনা সন্দৰ্ভত আৰক্ষী থানাত গোচৰ ৰুজু ৷

গণতন্ত্ৰ দিৱসৰ বাবে সাজু হোৱা 150 সেনা জোৱানৰ দেহত কোভিড

আগন্তুক গণতন্ত্ৰ দিৱসৰ বাবে প্ৰস্তুতি তুংগত কৰি তোলা হৈছে যদিও শেহতীয়াকৈ অহা এটি খবৰে সকলোকে হচকিত কৰি তুলিছে ৷ গণতন্ত্ৰ দিৱসৰ পেৰেডত ভাগ ল’বৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত থিতাপি লোৱা সেনাৰ 150 গৰাকী জোৱান কোভিড সংক্ৰমিত হৈছে ৷

চাৰিদিনীয়া ভ্ৰমণসূচীৰে দক্ষিণ কোৰিয়াত স্থলসেনা প্ৰধান

দেওবাৰে দক্ষিণ কোৰিয়াত উপস্থিত হয় দেশৰ স্থলসেনা প্ৰধান জেন. নাৰাৱানে ৷ দক্ষিণ কোৰিয়ালৈ যোৱা দেশৰ প্ৰথমগৰাকী সেনা প্ৰধান হৈছে জেন. মনোজ মুকুন্দ নাৰাৱানে ৷

সৰ্বসন্মতিৰূপে জেডিইউৰ অধ্যক্ষ নিৰ্বাচিত আৰ চি পি সিংহ

জনতা দল ইউনাইটেডৰ অধ্যক্ষৰূপে নিৰ্বাচিত হৈছে আৰ চি পি সিংহ ৷ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে প্ৰদান কৰা প্ৰস্তাৱক দলীয় কৰ্মীয়ে সৰ্বসন্মতিৰূপে স্বীকাৰ কৰি লয় ৷

অৰুণাচলৰ বিধায়কৰ পদত্যাগ জেডিইউৰ বাবে ক্ষতিকাৰকঃ আৰজেডি প্ৰবক্তা

অৰুণাচলত ছগৰাকী জেডিইউ বিধায়কে দলৰ পৰা পদত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পিচতেই বিহাৰৰ ৰাজনীতিত ইয়াৰ প্ৰভাৱ দেখা গৈছে ৷ এই কাণ্ডৰ পিচতেই বিৰোধী দলসমূহে জেডিইউক মৌখিক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৷

দুই সন্তানৰ সৈতে মহিলাৰ আত্মহত্য়া

তেলেংগানাত এগৰাকী মহিলাই দুই সন্তানৰ সৈতে এটা পুখুৰীত জপিয়াই আত্মহত্যা কৰে ৷ এই ঘটনা শনিবাৰে নিশা সংঘটিত হয় ৷

উত্তৰ প্ৰদেশত বিজেপি বিধায়কৰ বিৰুদ্ধে 420 ধাৰাত গোচৰ ৰুজু

আদালতত ভুৱা কোভিড প্ৰতিবেদন দাখিল কৰাৰ অভিযোগত এগৰাকী বিজেপি বিধায়কৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details