নিউজ ডেস্ক, ৪ এপ্ৰিলঃশনিবাৰে কেৰালা আৱকাৰী বিভাগে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই ৪ জন যুৱকক আটক কৰিবলৈ সক্ষম হয় । লক্ ডাউনৰ মাজতেই যুৱক কেইজনে ঘৰতে অবৈধ ভাৱে প্ৰস্তুত কৰি আছিল সুৰা । তাৎপৰ্যপূৰ্ণ যে, YouTube ত চাই-চাই সুৰা প্ৰস্তুত কৰি আহিছিল যুৱক কেইজনে । ২০০ লিটাৰ সুৰ প্ৰস্তুত কৰা কেঁচা সামগ্ৰীও জব্দ কৰিছে আৰক্ষীয়ে ।
লক ডাউনৰ মাজতেই শনিবাৰে কেৰালা আৱকাৰী বিভাগে আটক কৰিবলৈ সক্ষম হয় অবৈধ ভাৱে সুৰা প্ৰস্তুত কৰা এটা চক্ৰক । চুমেছ জেমছৰ তত্বাৱধানত চলা অভিযানত চাৰিগৰাকী যুৱকক আটক কৰিবলৈ সক্ষম হয় দলটোৱে । লক্ ডাউনৰ মাজতেই যুৱক কেইজনে ঘৰতে YouTube ত চাই অবৈধভাৱে সুৰা প্ৰস্তুত কৰি আহিছিল । প্ৰায় ২০০ লিটাৰ কেঁচা সামগ্ৰী সহ বহু আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে ।