অসম

assam

By

Published : Jul 16, 2020, 4:56 PM IST

ETV Bharat / bharat

এই সময়ত বিমান যাত্ৰাই হৈছে সকলোতকৈ সুৰক্ষিত এক যাত্ৰা

দেশৰ ব্যক্তিগত বিমান সেৱাৰ এটা প্ৰতিস্থান ইণ্ডিগ'ৰ এক সমীক্ষাৰ অন্তত দেখা গৈছে, ৬৮ শতাংশ যাত্ৰীৰ মতে বৰ্তমানৰ এই সময়ত বিমান যাত্ৰাই হৈছে সকলোতকৈ সুৰক্ষিত যাত্ৰা । চলিত বৰ্ষৰ জুন মাহত প্ৰায় ২৫হাজাৰ যাত্ৰীক লৈ কৰা এই সমীক্ষাটোৰ মতে,বহু যাত্ৰীৰ ক্ষেত্ৰত সামাজিক দুৰত্ব বৰ্তাই ৰখাৰ ক্ষেত্ৰত লোৱা অসাবধানতা(৬২%), বিভিন্ন ৰাজ্যসমূহত ব্যৱস্থা গ্ৰহণ কৰা কোৱাৰেণ্টাইনৰ পক্ৰিয়া(৫৫%) আৰু একেলগে বহু যাত্ৰীয়ে বিমানত যাত্ৰা কৰা(৫৫%), বিশেষকৈ এই তিনিটা কাৰণকে বৰ্তমান বিমান ভ্ৰমণৰ ক্ষেত্ৰত প্ৰতিৰোধক হিচাপে চিহ্নিত কৰা হৈছে ।

68% passengers feel flying safest mode of travel, reveals IndiGo survey
এই সময়ত বিমান যাত্ৰাই হৈছে সকলোতকৈ সুৰক্ষিত এক যাত্ৰা

নিউজ ডেস্ক,১৬ জুলাই:মহামাৰী ক'ৰণাৰ আতংকৰ প্ৰতি লক্ষ্য ৰাখি বহু লোকে ভ্ৰমণৰ সময়ত হ'ব পৰা মহামাৰী ক'ৰণাৰ ভাইৰাছৰ সংক্ৰমণ আৰু জৰুৰীকালিন পৰিস্থিতিৰ বাবে ভ্ৰমণৰ পৰা বিৰত থাকিব লগা হৈছে । বৰ্তমানৰ এনে এক পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি অলপতে ইণ্ডিগ'ই চলাইছিল এক সমীক্ষা ।

এই সময়ত বিমান যাত্ৰাই হৈছে সকলোতকৈ সুৰক্ষিত এক যাত্ৰা

সমীক্ষাটোত ৬৮ শতাংশ উত্তৰদাতাই উল্লেখ কৰিলে যে,ভ্ৰমণৰ ক্ষেত্ৰত বৰ্তমান বিমান যাত্ৰা আটাইতকৈ অধিক সুৰক্ষিত এক যাত্ৰা । ইয়াৰে ৫৪ শতাংশ যাত্ৰীয়ে অনাগত তিনিমাহৰ ভিতৰত ভ্ৰমণৰ বাবে ইচ্ছা প্ৰকাশ কৰাৰ বিপৰীতে আকৌ ১৭.৬ শতাংশই পৰিস্থিতি সুস্থিৰ হোৱাৰ পিছতহে ভ্ৰমণৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিলে ।

চলিত বৰ্ষৰ জুন মাহত প্ৰায় ২৫হাজাৰ যাত্ৰীক লৈ কৰা এই সমীক্ষাটোৰ মতে,বহু যাত্ৰীৰ ক্ষেত্ৰত সামাজিক দুৰত্ব বৰ্তাই ৰখাৰ ক্ষেত্ৰত লোৱা অসাৱধানতা(৬২), বিভিন্ন ৰাজ্যসমূহত ব্যৱস্থা গ্ৰহণ কৰা কোৱাৰেণ্টাইনৰ পক্ৰিয়া(৫৫) আৰু একেলগে বহু যাত্ৰীয়ে বিমানত যাত্ৰা কৰা(৫৫),বিশেষকৈ এই তিনিটা কাৰণকে বৰ্তমান বিমান ভ্ৰমণৰ ক্ষেত্ৰত প্ৰতিৰোধক হিচাবে চিহ্নিত কৰা হৈছে ।

সমীক্ষাটোত এটা কথা স্পষ্ট হৈছে যে,সকলোৱে স্বাস্থ্য আৰু সুৰক্ষাৰ প্ৰতি অধিক সচেতন । ইয়াৰে ৬৫ শতাংশ যাত্ৰীৰ মতে,স্বাস্থ্য আৰু সুৰক্ষাৰ প্ৰতি ইণ্ডিগ'ই সকলোকে আশ্বস্ত কৰিব পাৰে বুলি বিশ্বাস কৰে। ইণ্ডিগ' বিমান সেৱাৰ এগৰাকী বানিজ্যিক বিষয়াই জানিবলৈ দিয়া মতে, যাত্ৰীৰ এই বিশ্বাস বৰ্তাই ৰাখিবলৈ যিকোনো নতুন ব্যৱস্থাৰ লগতে অধিক উন্নত সেৱা আগ বঢ়োৱাৰ বাবে সদায়েই দায়বদ্ধ হৈ থাকিব ।

ABOUT THE AUTHOR

...view details