নেশ্যনেল ডেস্ক, 22 জুলাই :উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ দেওৰিয়া জিলা হাস্পতালত এটি ছয় বছৰীয়া শিশুয়ে ককাদেউতাকক সাঙি কৰি নিয়া দৃশ্য ভাইৰেল হৈ পৰিছে ৷ ভিডিঅ'টোত মাতৃৰ সৈতে ৰোগীয়া ককাদেউতাকক এটা ৱাৰ্ডৰ পৰা আনটো ৱাৰ্ডলৈ কঢ়িয়াই নিছিল শিশুটিয়ে ৷ ৱাৰ্ডবয়ে ককাদেউতাকক কঢ়িয়াই নিবৰ বাবে প্ৰতিবাৰে 30 টকাকৈ দাবী কৰাত শিশুটিয়ে মাতৃৰ সৈতে ককাদেউতাকক সাঙি কৰিবলগা হয় ৷
8 ছেকেণ্ডৰ এই ভিডিঅ'টো ভাইৰেল হৈ পৰাৰ পাচতে হাস্পতালখনৰ অস্ত্ৰোপচাৰ বিভাগৰ ৱাৰ্ডবয়জনক নিলম্বিত কৰা হয় ৷ ছয় বছৰীয়া শিশুটি আৰু তেওঁৰ মাতৃয়ে সাঙিখনত ৰোগীয়া লোকজনক লৈ যোৱা দৃশ্য দেওৰিয়া জিলা দণ্ডাধীশৰ দৃষ্টিগোচৰ হয় ৷ ইয়াৰ পাচতে হাস্পতালত উপস্থিত হৈ দণ্ডাধীশগৰাকীয়ে ঘটনাৰ তদন্ত কৰাৰ নিৰ্দেশ দিয়ে ৷
বৃদ্ধ লোকজনৰ কন্যা বিন্দুয়ে সাংবাদিকক জানিবলৈ দিয়া অনুসৰি, ৱাৰ্ডবয়ে তেওঁৰ পিতৃক সাঙিখনত নিবৰ বাবে প্ৰতিবাৰেই 30 টকাকৈ দাবী কৰিছিল ৷ চেৰি যাদৱ নামৰ গৌৰা গাঁৱৰ লোকজন দুদিন পূৰ্বে আঘাতপ্ৰাপ্ত হোৱা বাবে হাস্পতালখনৰ অস্ত্ৰোপচাৰ বিভাগত ভৰ্তি কৰোৱা হৈছিল ৷