নেশ্বনেল ডেস্ক, 4 ডিচেম্বৰঃ ভাৰত-তিব্বত সীমান্ত আৰক্ষী বাহিনীত অঘটন ৷ মাও অধ্যুষিত ছত্তিশগড়ৰ নাৰায়নপুৰ জিলাত বুধবাৰে সংঘটিত হয় এক গুলীয়াগুলীৰ ঘটনা ৷ ভাৰত-তিব্বত সীমান্ত আৰক্ষী বাহিনী চমুকৈ আইটিবিপিৰ কাডেনাৰস্থিত 45 বেটালিয়নত সংঘটিত হয় এই ঘটনা ৷
ছত্তিশগড়ত সহকৰ্মীৰ গুলীত নিহত 5জনকৈ আইটিবিপি জোৱান
ভাৰত-তিব্বত সীমান্ত আৰক্ষী বাহিনী চমুকৈ আইটিবিপিৰ 45 বেটালিয়নত অঘটন ৷ বুধবাৰে সংঘটিত হোৱা ঘটনাটোত সহকৰ্মীৰ গুলীত নিহত হয় বাহিনীটোৰ 6জনকৈ জোৱান ৷ ঘটনা সংঘটিত কৰিয়ে নিজেও আত্মহত্যা কৰে অভিযুক্ত জোৱানজনে ৷
ঘটনা অনুসৰি, বুধবাৰে নিজৰ সতীৰ্থৰ ওপৰতে গুলীচালনা কৰে, পশ্চিমবংগৰ নাডিয়া জিলাৰ বাসিন্দা তথা বাহিনীটোত কৰ্মৰত মাছুডুল ৰহমান নামৰ কনিষ্টবলগৰাকীয়ে ৷ নিজৰ ছাৰ্ভিছ ৰাইফলেৰে সংঘটিত কৰা গুলীচালনাত বাহিনীটোৰ পাঁচগৰাকী জোৱান থিতাতে নিহত হয় ৷ নিহত হোৱা জোৱানকেইগৰাকী ক্ৰমে,হেড কনিষ্টবল মহেন্দ্ৰ সিং (বিলাসপুৰ, হিমাচল প্ৰদেশ), হেড কনিষ্টবল ডালজিত সিং (লুধিয়ানা, পঞ্জাৱ), কনিষ্টবল সুৰজিত সৰকাৰ (বৰ্ধৱান, পশ্চিমবংগ), কনিষ্টবল বিশ্বজিৎ মাহতো (পুৰুলিয়া, পশ্চিমবংগ) আৰু কনিষ্টবল বীজেশ (কাজিকোড়ে, কেৰালা) বুলি জনাইছে বাহিনীটোৰ মহাপৰিদৰ্শক (বষ্টৰ ৰেঞ্জ) সুন্দৰৰাজ পি.য়ে ৷ আনহাতে এই ঘটনাত কনিষ্টবল এছ. বি. উল্লাছ (তিৰুবন্দপুৰম, কেৰালা) আৰু কনিষ্টবল সীতাৰাম ডুন (নাগাউৰ, ৰাজস্থান)গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ আহত জোৱানকেইজনক ততালিকে স্থানীয় জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷
ঘটনা সন্দৰ্ভত ছত্তিশগড় আৰক্ষী সঞ্চালকপ্ৰধান ডিএম অৱস্থীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ ঘটনা সংঘটিত কৰিয়ে অভিযুক্ত কনিষ্টবল মাছুডুল ৰহমানে নিজেও আত্মহত্যা কৰে বুলি জনায় আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে ৷ ইতিমধ্যে ঘটনাস্থলীত আইটিবিপিৰ উচ্চপদস্থ বিষয়া উপস্থিত হোৱাৰ লগতে ছত্তিশগড় আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ দল উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷