নিউজ ডেস্ক, 29 জুন :চীনৰ সৈতে হোৱা শেহতীয়া সংঘৰ্ষৰ পিচতে ভাৰত চৰকাৰে বন্ধ কৰিলে দেশখনৰ বহুকেইটা এপ ৷
টিকটকসহ ভাৰতত নিষিদ্ধ ঘোষণা 59টা চীনা এপ - ভাৰতত নিষিদ্ধ টিকটক
অৱশেষত ভাৰত চৰকাৰে নিষিদ্ধ ঘোষণা কৰিলে টিকটককে ধৰি বহুকেইটা চাইনীজ এপ ৷
টিকটকসহ ভাৰতত নিষিদ্ধ ঘোষণা 59টা চীনা এপ
ভাৰত চৰকাৰে সোমবাৰে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে ৷ চীন দেশৰ সৰ্বমুঠ 59টা মোবাইল এপ্লিকেশ্বন ভাৰতত নিষিদ্ধ ঘোষণা কৰে কেন্দ্ৰীয় চৰকাৰে ৷ অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে কোনো তথ্য প্ৰকাশ কৰা নাই যদিও টিকটককে আদি কৰি ইউচি ব্ৰাউজাৰ, হেলো, ইউচি নিউজ আদি এপসমূহ ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আছে ৷
ভাৰত চৰকাৰে দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা, ভাৰত ৰাষ্ট্ৰৰ প্ৰতিৰক্ষা, দেশৰ নিৰাপত্তা আৰু নাগৰিক ব্যৱস্থাৰ প্ৰতি অনা ভাবুকিৰ বাবেই এইসমূহ এপ বন্ধ কৰিলে মোডী চৰকাৰে ৷