নিউজ ডেস্ক, ১ জুলাই : কেন্দ্ৰীয় চৰকাৰে ভাৰতত নিষিদ্ধ ঘোষণা কৰা ৫৯ টা চীনা এপ্লিকেশ্বনৰ ভিতৰত কেইবাটাও এপ্লিকেশ্বনে দেশত ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ২০১৪ চনৰ জানুৱাৰীৰ পৰা দেশত প্ৰায় ৫ বিনিয়ন লোকে এই এপ্লিকেশ্বনসমূহ ব্যৱহাৰ কৰি আছিল।
এপ্লিকেশ্বন বিশ্লেষণ সংস্থা চেঞ্চৰ টাৱাৰে (Sensor Tower) প্ৰকাশ কৰা তথ্য অনুসৰি ২০১৪ বৰ্ষৰ পৰা ভাৰতৰ প্ৰায় ৪.৯ বিলিয়ন লোকে এই এপ্ সমূহ ডাউনলোড কৰিছিল। ইয়াৰ ভিতৰত সবাতোকৈ জনপ্ৰিয় এপ্ আছিল টিক-টক। ৪.৯ বিলিয়ন লোকে ডাউনলোড কৰা এই এপ্ সমূহৰ ভিতৰত ৩০ শতাংশ লোকে কেৱল টিক-টক ব্যৱহাৰ কৰিছিল।
দেশৰ ৫ বিলিয়ন লোকে ডাউনলোড কৰিছিল নিষিদ্ধ ঘোষিত ৫৯ টা চীনা এপ্ দেশত ৬১১ মিলিয়ন লোকে 'লাইফটাইম'ৰ বাবে টিক-টক ডাউনলোড কৰি অভিলেখ গঢ়িছিল। এইলোকসকলে কেৱল 'লাইফটাইম'ৰ বাবে টিক-টক ডাউনলোড কৰাই নহয়, তেওঁলোকে এই এপটো ব্যৱহাৰো কৰি আছিল বুলি তথ্যত প্ৰকাশ পাইছে।
আনহাতে, গুগ'ল আৰু এপ'ল কোম্পানীয়ে চৰকাৰৰ নিৰ্দেশ লাভ কৰাৰ পাছতেই গুগ'ল প্লে ষ্ট'ৰ (Google Play Store ) আৰু আইঅ'এছ এপ ষ্ট'ৰ(iOS App Store)ৰ পৰা সকলো এপ্লিকেশ্বন আঁতৰাই দিব । উল্লেখ্য যে, টিক-টকক গুগ'ল প্লে ষ্ট'ৰ আৰু আইঅ'এছ এপ ষ্ট'ৰৰ পৰা পূৰ্বে আঁতৰাই দিয়া হৈছে।
নিষিদ্ধ ঘোষিত হ'ল ৫৯ টা চীনা এপ্ প্ৰকাশিত তথ্য অনুসৰি, ভাৰত চৰকাৰে এই এপসমূহৰ ডাটা ট্ৰেফিক ব্লক কৰি দিয়াৰ বাবে ইতিমধ্যে আইপিএছ ( Indian internet service providers) আৰু টিএছপি ( telecom service providers)ৰ সৈতে কথা পাতিছে। এবাৰ এই প্ৰক্ৰিয়া সম্পূৰ্ণ হ'লে এই এপ্লিকেশ্বনসমূহ অ-কাৰ্যকৰ হৈ পৰিব।
উল্লেখ্য যে, তথ্য প্ৰযুক্তি আইন ২০০০ৰ অনুচ্ছেদ 69A অনুসৰি (Power to issue directions for blocking for public access of any information through any computer resource) কেন্দ্ৰীয় চৰকাৰে দেশত এই এপ্লিকেশ্বনসমূহ নিষিদ্ধ ঘোষণা কৰিছে ।
লগতে পঢ়ক :জীয়াধল নদীত উটি আহিল পিপিই কিট আৰু অন্যান্য সামগ্ৰী