অসম

assam

ETV Bharat / bharat

1 লাখ আইচ'লেছন বিচনাসহ দেশত 586 COVID-19 হাস্পতালৰ ব্যৱস্থা : স্বাস্থ্য় মন্ত্ৰণালয় - স্বাস্থ্য মন্ত্ৰণালয়ৰ যুটীয়া সচিব লাভ আগৰৱাল

দেশত 586 COVID-19 হাস্পতালৰ ব্যৱস্থা ৷ এক লাখতকৈও অধিক আইচ'লেছন বিচনা আৰু 11,500 ICU বিচনা ৷

স্বাস্থ্য় মন্ত্ৰণালয়
দেশত 586 COVID-19 হাস্পতালৰ ব্যৱস্থা

By

Published : Apr 11, 2020, 8:33 PM IST

Updated : Apr 11, 2020, 10:04 PM IST

নেশ্যনেল ডেস্ক, 11 এপ্ৰিল : শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে জানিবলৈ দিয়ে যে, দেশত বৰ্তমান 586 খন COVID-19 হাস্পতালৰ ব্যৱস্থা কৰাৰ লগতে আছে এক লাখতকৈও অধিক আইচ'লেছন বিচনা আৰু 11,500 ICU বিচনা ৷

এক প্ৰেছ বিজ্ঞপ্তিত স্বাস্থ্য মন্ত্ৰণালয়ৰ যুটীয়া সচিব লাভ আগৰৱালে কয় যে, দেশৰ COVID-19 ৰ উৎস স্থানসমূহ ইতিমধ্যেই চিনাক্ত কৰি চৰকাৰে ৰোগ নিৰ্মূলৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ তেওঁ লগতে কয়, "পাৰিসাংখ্যিক বিশ্লেষণ অনুসৰি দেশত লকডাউন ঘোষণা নকৰা হ'লে 15 এপ্ৰিললৈকে 8.2 লাখতকৈও অধিক লোক COVID-19 ত আক্ৰান্ত হ'লহেঁতেন ৷"

স্বাস্থ্য় মন্ত্ৰণালয়ৰ মতে, "যোৱা 24 ঘন্টাত দেশত 1,035 জন লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে 40 জনৰ ৷ ইয়াৰ ফলত দেশত মৃত্য়ুৰ সংখ্যা সৰ্বমুঠ 239 লৈ বৃদ্ধি পাইছে ৷"

লাভ আগৰৱালে কয়, "বৃদ্ধি পাই অহা আক্ৰান্তৰ হাৰ সম্পৰ্কত আমি বিশ্লেষণ চলাই আছো ৷ আমি 22 মাৰ্চত জনতা কাৰ্ফিউ পালন কৰিলো আৰু 25 মাৰ্চৰ পৰা লকডাউন ঘোষণা কৰিলো ৷"

তেওঁ কয় যে, কৰ'ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ হৈছে লকডাউন, সামাজিক দূৰত্ব আৰু অন্যান্য সাৱধানতামূলক ব্যৱস্থা ৷ আনহাতে, মেলেৰিয়া প্ৰতিৰোধী দৰৱ হাইড্ৰ'ক্সিক্ল'ৰ'কুইনৰ ভাৰতত কোনো অভাৱ নহয় বুলি আশ্বাস প্ৰদান কৰে লাভ আগৰৱালে ৷

Last Updated : Apr 11, 2020, 10:04 PM IST

ABOUT THE AUTHOR

...view details