নিউজ ডেস্ক, ১০ জুনঃ মহাৰাষ্ট্ৰৰ ঠানে জিলাত মঙলবাৰে ৫৫৫ জন ব্যক্তিৰ দেহত লাভ কৰে মহামাৰী COVID-19ৰ উপস্থিতি । যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত বৰ্তমান পৰ্যন্ত COVID-19 ত আক্ৰান্তৰ সংখ্যা ১২,৩৫৩ গৰাকীলৈ বৃদ্ধি পায় ।
মহাৰাষ্ট্ৰৰ ঠানেৰ ৫৫৫ গৰাকী কৰ'ণাত আক্ৰান্ত - ঠানে জিলা
মঙলবাৰে মহাৰাষ্ট্ৰৰ ঠানে জিলাত ৫৫৫ গৰাকী ব্যক্তিৰ দেহত লাভ কৰে মহামাৰী COVID-19ৰ উপস্থিতি । ৰাজ্যখত বৰ্তমান পৰ্যন্ত কৰ'ণা আক্ৰান্ত হৈছে মুঠ ১২,৩৫৩ গৰাকী ব্যক্তি ।
কৰ'ণাত আক্ৰান্ত মহাৰাষ্ট্ৰ ঠানেৰ ৫৫৫ জন ব্যক্তি
আনহাতে, এগৰাকী স্বাস্থ্য বিষয়াৰ ভাষ্য অনুসৰি, মহাৰাষ্ট্ৰত মঙলবাৰ পৰ্যন্ত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে ২১ গৰাকী ব্যক্তিৰ । সেই অনুসৰি ৰাজ্যখনত ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৪১২ গৰাকীলৈ বৃদ্ধি পায় ।
এক বিবৃতিযোগে প্ৰকাশ কৰা অনুসৰি, মঙলবাৰে মহাৰাষ্ট্ৰত লাভ কৰা ৫৫৫ গৰাকী কৰ'ণা আক্ৰান্ত ৰোগীৰ ভিতৰত ১৪৫ গৰাকী ব্যক্তি ঠানে চহৰৰ, মীৰা ভয়ন্দৰৰ ৯২ জন, নবী মুম্বাইৰ ৮৯ জন আৰু কল্যাণ ডোবিভলীৰ ৬৮ জন ব্যক্তি বুলি সদৰি কৰে ।