অসম

assam

By

Published : Oct 5, 2019, 8:07 PM IST

ETV Bharat / bharat

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনঃ 5,534খন মনোনয়ন দাখিল

চলিত মাহৰ 24 তাৰিখে মহাৰাষ্ট্ৰত অনুষ্ঠিত হ'ব ৰাজ্যিক বিধানসভা নিৰ্বাচন ৷ 288 খন আসনযুক্ত ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ বাবে শনিবাৰলৈ সৰ্বমুঠ 5,534 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে ৷ অক্টোবৰ মাহৰ 28 তাৰিখে নিৰ্বাচনী আয়োগে বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিব ৷

প্ৰতিনিধিত্বমুলক ছবি

নিউজ ডেস্ক, 5 অক্টোবৰঃশুকুৰবাৰে অন্ত পৰে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ মনোনয়ন দাখিল প্ৰক্ৰিয়া ৷ 288খন আসনযুক্ত ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ বাবে শনিবাৰলৈ সৰ্বমুঠ 5,534 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে ৷ নান্দেৰ জিলাৰ ভোকাড় সমষ্টিত সৰ্বাধিক 135খন মনোনয়ন দাখিল কৰাৰ বিপৰীতে মুম্বাইৰ মহিম আৰু চেৱাৰী সমষ্টিত ক্ৰমে নূন্যতম 4 খন মনোনয়ন দাখিল হয় ৷

বিধানসভা নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাডনাভিজ, শিৱ সেনাৰ একনাথ শ্বিন্দে, এনচিপি নেতা অজিত পাৱাৰ, চ্চাগান ভূজৱালৰ লগতে বিজেপি নেতা সুধিৰ মুংগান্টিৱাৰ, ৰাধাকৃষ্ণ ভিখে পাটিল, গনেশ নাইক, নীতেশ ৰানেকে ধৰি বহুকেইগৰাকী শীৰ্ষ নেতাই মনোনয়ন দাখিল কৰে ৷

মহাৰাষ্ট্ৰৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাডনাভিজে নাগপুৰ দক্ষিণ-পশ্চিমৰ পৰা মনোনয়ন দাখিল কৰে ৷ মনোনয়ন দাখিলৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে বিজেপিৰ শীৰ্ষ নেতা নীতিন গাডকাৰীকে ধৰি মহাৰাষ্ট্ৰ বিজেপিৰ প্ৰধান চন্দ্ৰকান্ত পাটিলে ৷ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব কংগ্ৰেছৰ আশিষ দেশমুখে ৷ বিজেপি নেতা সুধিৰ মুংগান্টিৱাৰে চন্দ্ৰপুৰ জিলাৰ বল্লাৰপুৰ সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰে ৷ মনোনয়ন দাখিলৰ সময়ত তেওঁক সংগ দিয়ে মন্ত্ৰী হংসৰাজ আহিৰে ৷ একেদৰেই শেহতীয়াভাৱে বিজেপিত যোগদান কৰা ৰাধাকৃষ্ণ ভিখে পাটিল আৰু গনেশ নাইকে শ্বিৰ্ডি আৰু আইৰোলিৰ পৰা মনোনয়ন দাখিল কৰে ৷ একেদৰেই বিজেপি নেতা নীতেশ ৰানে নাছিকৰ কানকাভলি সমষ্টিত মনোনয়ন দাখিল কৰে ৷ মনোনয়ন দাখিলৰ সময়ত তেওঁক সংগ দিয়ে পিতৃ তথা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নাৰায়ন ৰানে ৷

আনহাতে য়েওলা সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰে এনচিপি নেতা চ্চাগান ভূজৱালে ৷ একেদৰেই এনচিপি নেতা অজিত পাৱাৰে বাৰামাতি সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰে ৷ বিজেপিৰ গোপিচান্দ পাদলকাৰৰ বিপক্ষে নিৰ্বাচনত অৱতীৰ্ণ হ'ব এনচিপি নেতাগৰাকীয়ে ৷ একেদৰে শিৱসেনাৰ নেতা তথা ৰাজ্যিক মন্ত্ৰী একনাথ শ্বিন্দে কোপৰি-পাচ্ছপাখাড়ি সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰে ৷

মনোনয়ন দাখিল কৰি মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাডনাভিজে ৰাজ্যখনত বিজেপিয়ে জয়লাভ কৰিবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে ৷

ABOUT THE AUTHOR

...view details