অসম

assam

ETV Bharat / bharat

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ সদস্যপদক সমৰ্থন 55 ৰাষ্ট্ৰৰ

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰত এক অস্থায়ী স্থান দিবলৈ 55খন দেশেৰে গঠিত প্ৰশান্ত-এছিয়া সংস্থাই সন্মতি প্ৰদান কৰিছে ৷

ৰাষ্ট্ৰসংঘৰ সুৰক্ষা সংস্থাত ভাৰতৰ সদস্যপদক সমৰ্থন 55 ৰাষ্ট্ৰৰ

By

Published : Jun 26, 2019, 6:09 PM IST

Updated : Jun 26, 2019, 6:58 PM IST

নিউজ ডেস্ক, 26 জুনঃ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আন এক বৃহৎ কূটনৈতিক বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে ভাৰতে ৷ ভাৰতৰ বিজয়ক লৈ টুইটাৰত ধন্যবাদ জনাইছে ৰাষ্ট্ৰসংঘত থকা ভাৰতৰ স্থানীয় প্ৰতিনিধি চৈয়দ আকবৰউদ্দিনে ৷

এই বিজয় হৈছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্যপদ লাভত ভাৰতে লাভ কৰা সন্মতি ৷ চৈয়দ আকবৰউদ্দিনৰ টুইট অনুসৰি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যপদ লাভ কৰিবলৈ ভাৰতক সমৰ্থন কৰিছে প্ৰশান্ত মহাসাগৰীয়-এছিয়া সংঘৰ 55খন দেশে ৷ ইয়াৰ ভিতৰত আছে আফগানিস্তান, বাংলাদেশ, ভূটান, চীন, ইণ্ডোনেছিয়া, ইৰান, জাপান, কুৱেইট, কাৰ্গিস্তান, মালয়েছিয়া, মালদ্বীপ, ম্যানমাৰ, নেপাল, পাকিস্তান, কটাৰ, চৌদি আৰৱ, শ্ৰীলংকা, তুৰ্কী, ইউ এ ই আৰু ভিয়েটনাম ৷

উল্লেখ্য যে, অহা বৰ্ষৰ জুন মাহত 2021-22 বৰ্ষৰ 15 ৰাষ্ট্ৰযুক্ত নিৰাপত্তা পৰিষদৰ পাঁচটা অস্থায়ী সদস্য পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব ৷

Last Updated : Jun 26, 2019, 6:58 PM IST

ABOUT THE AUTHOR

...view details