নিউজ ডেস্ক , ১৬ জুলাই:উত্তৰ প্ৰদেশৰ বলৰামপোৰ জিলাত এখন স্কুলৰ ওপৰত উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ বাগৰী ৫৫ জন ছাত্ৰ-ছাত্ৰী সামান্য পৰিমাণে অগ্নিদগ্ধ হয় । ইয়াৰে ভিতৰত ৪ জন ছাত্ৰ-ছাত্ৰীয়ে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।
উত্তৰ প্ৰদেশত বিদ্যুৎ পৰিবাহী তাঁৰ বাগৰি আহত ৫৫ জন ছাত্ৰ-ছাত্ৰী - Vishnupur government primary school
বলৰামপোৰ জিলাৰ অন্তৰ্গত ওট্ৰাৱলাস্থিত বিষ্ণুপুৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাদৰ ওপৰত হঠাৎ এডাল ১১,০০০ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰ বাগৰি পৰাৰ লগতে সমগ্ৰ বিদ্যালয়ৰ অট্টালিকাটোত বিদ্যুৎ প্ৰবাহিত হয় ।
![উত্তৰ প্ৰদেশত বিদ্যুৎ পৰিবাহী তাঁৰ বাগৰি আহত ৫৫ জন ছাত্ৰ-ছাত্ৰী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3852272-thumbnail-3x2-zsmbds1.jpg)
সোমবাৰে বলৰামপোৰ জিলাৰ অন্তৰ্গত ওট্ৰাৱলাস্থিত বিষ্ণুপুৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাদৰ ওপৰত হঠাৎ এডাল ১১,০০০ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰ বাগৰি পৰাৰ লগতে সমগ্ৰ বিদ্যালয় অট্টালিকাটোত বিদ্যুৎ প্ৰবাহিত হয় । দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত বিদ্যালয়খনত ১০০ জন ছাত্ৰ-ছাত্ৰী উপস্থিত আছিল । পৰিস্থিতি আৰু অধিক বিষম হোৱাৰ আগতে বিদ্যুৎ পৰিবাহী তাঁৰ ডালৰ পৰা বিদ্যুৎ বিছিন্ন কৰা হয় । দুৰ্ঘটনাটোত আহত লোক সকলক ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা লগতে কিছু আহত লোকৰ বলৰামপোৰৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । সমগ্ৰ ঘটনাটো ছাত্ৰ-ছাত্ৰী সকলৰ অভিভাৱক সকলৰ মাজত বিয়পি পৰাত অভিভাৱকসকল খঙত অগ্নিশৰ্মা হৈ পৰে ।
ইপিনে বলৰামপুৰ জিলা দণ্ডাধীশ কৃঞ্চা কৰুণেশে ততাতৈয়াকৈ উক্ত অঞ্চলটোৰ ঠিকা ভিত্তিক লাইনমেন জনক বৰ্খাস্ত কৰাৰ লগতে স্কিল কুলী গৰাকীক নিলম্বন কৰে । ইয়াৰোপৰিও তেওঁ উক্ত অঞ্চলটোৰ কণিষ্ঠ অভিযন্তা জনৰ বিৰুদ্ধে এক বিভাগীয় তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে । আনহাতে উত্তৰ প্ৰদেশৰ মূখ্যমন্ত্ৰী যোগী আদিত্যনাথে আহত ছাত্ৰ-ছাত্ৰী সকলক উন্নত চিকিৎসা কৰিবলৈ বলৰামপুৰ জিলা দণ্ডাধীশক নিৰ্দেশ দিয়ে । তদুপৰি তেওঁ মধ্যানঞ্চল বিদ্যুৎ বিতৰণ নিগমৰ প্ৰজেক্ট ডাইৰেক্টৰত সমগ্ৰ ঘটনাটোৰ তদন্ত কৰিবলৈ লগতে ২৪ ঘটনাৰ ভিতৰত এখন ৰিপৰ্ট দিবলৈ নিৰ্দেশ দিয়ে । যাতে ঘটনাটোৰ লগত জড়িত দোষীৰ বিৰুদ্ধে শীঘ্ৰে কঠোৰ ব্যৱস্থা ল'ব পাৰে । লগতে তেওঁ উত্তৰ প্ৰদেশৰ প্ৰিন্সিপাল চেক্ৰেটৰী পাৱাৰ আৰু মেনেজিং ডাইৰেক্টৰক এনে ঘটনা পুনৰ নহ'বলৈ উচ্চ ক্ষমতা সমপন্ন বিদ্যুৎ পৰিবাহী তাঁৰৰ ওপৰত সজাগতা সভা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে ।