অসম

assam

ETV Bharat / bharat

শুকুৰবাৰে আকাশীপথেৰে ভ্ৰমণ কৰিলে 39,969 যাত্ৰীয়ে - 513 domestic flights carrying 39,969 passengers flew in India on Friday

বিমান উদ্যোগৰ তথ্য অনুসৰি লকডাউনৰ পূৰ্বে ভাৰতীয় বিমানবন্দৰসমূহে প্ৰতিদিনে প্ৰায় 3000খন ঘৰুৱা বিমান পৰিচালনা কৰিছিল । অসামৰিক বিমান উদ্যোগ মহাপৰিদৰ্শকৰ তথ্য অনুসৰি ফেব্ৰুৱাৰী মাহত ভাৰতবৰ্ষত প্ৰায় 4.12 লাখ যাত্ৰী প্ৰতিদিনে ঘৰুৱা বিমানযোগে যাত্ৰা কৰিছিল ।

513 domestic flights carrying 39,969 passengers flew in India on Friday: Puri
শুকুৰবাৰৰ দিনটোত ভাৰতবৰ্ষত চলাচল কৰে 513খন গৃহ বিমান, মুঠ যাত্ৰী 39,969

By

Published : May 30, 2020, 7:32 PM IST

নেশ্যনেল ডেক্স, 30 মে' : শুকুৰবাৰ দিনটোত ভাৰতবৰ্ষত 39,969 গৰাকী যাত্ৰীক কঢ়িওৱা মুঠ 513খন গৃহ বিমান চলাচল কৰে । শনিবাৰে অসামৰিক বিমান উদ্যোগ মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে প্ৰকাশ কৰে এই কথা । কৰ'ণা ভাইৰাছৰ বাবে ঘোষিত লকডাউনৰ ফলত প্ৰায় দুমাহৰ অন্তত ভাৰতত আৰম্ভ হৈছে ঘৰুৱা বিমান সেৱা । এই পৰ্যন্ত ভাৰতত সোমবাৰে 428, মঙলবাৰে 445, বুধবাৰে 460 আৰু বৃহস্পতিবাৰে 498 খন ঘৰুৱা বিমান চলাচল কৰে ।

শুকুৰবাৰৰ দিনটোত ভাৰতবৰ্ষত চলাচল কৰা বিমানৰ তালিকা

বিমান উদ্যোগৰ তথ্য অনুসৰি লকডাউনৰ পূৰ্বে ভাৰতীয় বিমানবন্দৰসমূহে প্ৰতিদিনে প্ৰায় 3000খন ঘৰুৱা বিমান পৰিচালনা কৰিছিল । অসামৰিক বিমান উদ্যোগ মহাপৰিদৰ্শকৰ তথ্য অনুসৰি ফেব্ৰুৱাৰী মাহত ভাৰতবৰ্ষত প্ৰায় 4.12 লাখ যাত্ৰী প্ৰতিদিনে ঘৰুৱা বিমানযোগে যাত্ৰা কৰিছিল ।

আনহাতে, কৰ'ণা ভাইৰাছ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিম বংগ, অন্ধ্ৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, তেলাংগানা, তামিলনাডু আদি ৰাজ্যই নিৰ্দিষ্ট সংখ্যক বিমানহে চলাচলৰ বাবে অনুমতি প্ৰদান কৰিছে । অন্ধ্ৰ প্ৰদেশত মঙলবাৰে ঘৰুৱা বিমান সেৱা আৰম্ভ হোৱাৰ বিপৰীতে পশ্চিম বংগত বৃহস্পতিবাৰে আৰম্ভ হয় বিমান সেৱা ।

যদিও 25 মে'ৰ পৰা দেশত ঘৰুৱা বিমানৰ চলাচল আৰম্ভ হয় কিন্তু কলিকতা আৰু বাগদোগৰাত আম্ফান ঘূৰ্ণী বতাহে সৃষ্টি কৰা ধ্বংসলীলাৰ পুনৰুদ্ধাৰৰ কাৰ্য চলি থকা বাবে এই সেৱা আৰম্ভ কৰিব পৰা নাযায় । ঘৰুৱা বিমানসেৱা আৰম্ভ হোৱাৰ পিছত ইণ্ডিগো বিমানযোগে যাত্ৰা কৰা 13 গৰাকী যাত্ৰীৰ উপৰিও 16 গৰাকী বিভিন্ন বিমানযোগে যাত্ৰা কৰা যাত্ৰী এইপৰ্যন্ত কোভিড 19 পজিটিভ বুলি তথ্য লাভ কৰা হৈছে ।

লগতে পঢ়ক- 'বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে সম্পৰ্ক চ্ছেদ কৰিব আমেৰিকাই', জানক কিয়?

ABOUT THE AUTHOR

...view details