নেশ্যনেল ডেস্ক, 28 মে': চাকৰি প্ৰত্যাক্ষীৰ প্ৰায় আধা সংখ্যকে লকডাউনৰ সময়ছোৱাত নিজৰ কৌশলৰ বিকাশ সাধন তথা অৰ্হতা বৃদ্ধিৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ উন্নত তথা দীৰ্ঘম্যাদী কেৰিয়াৰৰ সুযোগৰ বাবে এনেদৰে লকডাউনৰ সময়ত চাকৰি প্ৰত্যাক্ষীসকলে কৌশল বৃদ্ধি কৰাৰ প্ৰচেষ্টা কৰিছে বুলি প্ৰকাশ কৰে এক জৰীপে ৷
উল্লেখ্য যে, লকডাউনৰ ফলত চাকৰিৰ ক্ষেত্ৰত অনিশ্চয়তাই দেখা দিয়াৰ লগতে চাকৰিৰ পৰা অপসাৰণ আৰু দৰমহা কৰ্তনৰ দৰে সমস্যাত ভূগিছে বহুসংখ্যক লোকে ৷ কিন্তু, ইয়াৰে 10 শতাংশ চাকৰি প্ৰত্যাশীয়েহে চাকৰিৰ পৰা অপসাৰণ কৰা বুলি নিশ্চিতি প্ৰদান কৰিছে ৷ Naukri.com নামৰ চাকৰিৰ পৰ্টেলৰ জৰীপত প্ৰকাশ পাইছে এই কথা ৷
দেশত এইদৰে স্থবিৰতা আহি পৰাৰ ফলত চাকৰি প্ৰত্যাক্ষীসকলে নিজৰ কৌশলৰ বিকাশ সাধন কৰাৰ লগতে নিজৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ চেষ্টা কৰিছে ৷ ইয়াৰ জৰিয়তে স্ব-বিকাশৰ বাবে সময়ৰ সুব্যৱহাৰ কৰিছে বুলি জৰীপত প্ৰকাশ ৷
লকডাউনৰ সময়ছোৱাত চাকৰি প্ৰত্যাশীসকলে সৰ্বাধিক Data science and analytics courses (22 শতাংশ), digital marketing (20 শতাংশ) আৰু risk management (16 শতাংশ) অধ্যয়ন কৰিছে ৷ জৰীপে লগতে প্ৰকাশ কৰিছে যে, অন্য উদ্যোগখণ্ডৰ তুলনাত IT, ফাৰ্মাচী, চিকিৎসা বিজ্ঞান আৰু BFSI খণ্ডৰ চাকৰি প্ৰত্যাশীসকল কম পৰিমাণে প্ৰভাৱাম্বিত হৈছে ৷
Naukri.com য়ে প্ৰায় 50,000 সক্ৰিয় চাকৰি প্ৰত্যাক্ষীৰ মাজত এই জৰীপ চলাইছিল, ইয়াৰ জৰিয়তে চাকৰিৰ সুবিধা, কেৰিয়াৰত শ্ৰীবৃদ্ধি আৰু দৰমহা বৃদ্ধি আদি সম্পৰ্কত তেওঁলোকৰ আশা-আকাংক্ষা সমূহৰ বিষয়ে বুজিবলৈ চেষ্টা কৰা হৈছিল ৷
জৰীপত প্ৰকাশ পাইছে যে, চাকৰি সলনি কৰাৰ মূল কাৰণ চাকৰি হেৰুওৱা অথবা দৰমহা কৰ্তন হোৱা নহয় ৷ প্ৰায় 70 শতাংশ চাকৰি প্ৰত্যাশীয়ে উন্নত কেৰিয়াৰৰ বাবে নতুন চাকৰি বিচাৰিছে ৷ আনহাতে, 16 শতাংশই দৰমহা কৰ্তন হোৱাৰ বাবে আৰু 14 শতাংশই কোম্পানীৰ পৰা অপসাৰণ কৰাৰ ভয়ত নতুন চাকৰি বিচাৰিছে ৷
উল্লেখ্য যে, লকডাউনৰ ফলত সৰ্বাধিক প্ৰভাৱাম্বিত খণ্ডসমূহ হৈছে এয়াৰলাইনছ, চিকিৎসা আৰু ই-কৰ্মাচ ৷ এই খণ্ডসমূহত চাকৰি প্ৰত্যাশীসকলে দৰমহা কৰ্তনৰ সংকেত প্ৰদান কৰিছে ৷