অসম

assam

ETV Bharat / bharat

তেলেংগানাৰ ৰংগাৰেড্ডীত গাঁতত পৰি মৃ্ত্যু পাঁচ বছৰীয়া শিশুৰ - তেলেংগানাৰ ৰংগাৰেড্ডীত গাঁতত পৰি মৃ্ত্যু পাঁচ বছৰীয়া শিশুৰ

তেলেংগানাৰ ৰংগাৰেড্ডীত বৃহস্পতিবাৰে এটা গাঁতত পৰি মৃত্য়ু হয় পাঁচ বছৰীয়া শিশুৰ । এখন নিৰ্মাণৰত পাৰ্কত খান্দি থোৱা এটা গাঁতত বৰষুণৰ পানী জমা হোৱাৰ ফলতেই অকাল মৃত্যুক সাৱটিব লগা হৈছে শিশুটোৱে ।

তেলেংগানা
তেলেংগানাৰ ৰংগাৰেড্ডীত গাঁতত পৰি মৃ্ত্যু পাঁচ বছৰীয়া শিশুৰ

By

Published : Jun 12, 2020, 11:19 AM IST

নিউজ ডেস্ক, ১২ জুনঃ তেলেংগানাৰ ৰংগাৰেড্ডী জিলাত সংঘটিত হৈছে এক কৰুণ ঘটনা । পানী ভৰ্তি এটা গাঁতত পৰি ডুব যোৱাৰ বাবেই অকাল মৃত্যুক সাবটে এটি পাঁচ বছৰীয়া শিশুৱে ।

তেলেংগানাৰ ৰংগাৰেড্ডীত গাঁতত পৰি মৃ্ত্যু পাঁচ বছৰীয়া শিশুৰ

মীৰপেট পৌৰ নিগমৰ নিৰ্মাণৰত অৱস্থাত থকা এখন পাৰ্কত খান্দি থোৱা এটা গাঁতত পৰিয়ে মৃত্যু হয় গাড়ী চালক ৰমেশৰ পুত্ৰ মনোজ নামৰ শিশুটোৰ ।

আৰক্ষীৰ ভাষ্য অনুসৰি, গাঁতটোত বৰষুণৰ পানী ভৰ্তি হৈ আছিল আৰু তাৰ ওচৰতে শিশুটোৱে ভগ্নীৰ লগত খেলি থকা অৱস্থাত গাঁতৰ ভিতৰত সোমাই পৰে । বৃহস্পতিবাৰে দিনৰ প্ৰায় ১২ মান বজাত সংঘটিত হয় এই ঘটনা ।

ঘটনা সন্দৰ্ভত 304A IPCৰ অধীনত গোচৰ ৰুজু কৰাৰ লগতে শিশুটোৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়ক : জম্মু কাশ্মীৰত পাকিস্তানৰ যুদ্ধ বিৰতি উলংঘা,নিহত 1 ভাৰতীয় সেনা

ABOUT THE AUTHOR

...view details