নিউজ ডেস্ক, ২ মে' :কেন্দ্ৰীয় ৰেল মন্ত্ৰালয়ে আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ দিনটোত দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ পৰা শ্ৰমিকসকলৰ বাবে আৰম্ভ কৰিছিল শ্ৰমিক স্পেচিয়েল ট্ৰেইনৰ । লকডাউনৰ ফলত আৱদ্ধ হৈ পৰা শ্ৰমিক তথা অন্যান্য় লোকসকলৰ দেশৰ বিভিন্ন প্ৰান্তলৈ পঠিওৱাৰ বাবে ৰাজ্য চৰকাৰসমূহৰ পৰা লাভ কৰা অনুৰোধৰ ভিত্তিত এই বিশেষ ৰেলৰ ব্যৱস্থা কৰিছিল ৰেল মন্ত্ৰালয়ে ।
ইতিমধ্যে ৰেল মন্ত্ৰালয়ে যাত্ৰা আৰম্ভ কৰা এই ৰেলসমূহৰ পাঁচখনকৈ ৰেলে নিৰ্ধাৰিত লক্ষ্যস্থানত গৈ সুকলমে উপস্থিত হৈছে । ৰেল মন্ত্ৰালয়ৰ এগৰাকী শীৰ্ষ বিষয়াই প্ৰকাশ কৰিছে এই তথ্য । ৰেল মন্ত্ৰালয়ৰ বিষয়াগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, পাঁচখনকৈ ৰেলে ইতিমধ্যে যাত্ৰীসহ নিৰ্ধাৰিত লক্ষ্যস্থানত উপনীত হৈছে ।
নিৰ্ধাৰিত লক্ষ্যস্থানত গৈ উপস্থিত হোৱা ৰেলগাড়ীকেইখনে লিংগামপল্লীৰ পাৰ হাটিয়া, আলুভাৰ পৰা ভুৱনেশ্বৰ, নাছিকৰ পৰা ভুপাল, জয়পুৰৰ পৰা পাটনা, কোটাৰ পৰা হাটিয়ালৈ যাত্ৰা আৰম্ভ কৰিছিল । আনহাতে জয়পুৰ ৰেল ষ্টেচনৰ পৰা আন এখন ৰেলগাড়ীয়ে পাটনা ষ্টেচনলৈ বুলি শনিবাৰে ০০:১৮ ঘন্টাত যাত্ৰা আৰম্ভ কৰিছে বুলিও জানিবলৈ দিয়ে বিষয়াগৰাকীয়ে । ইয়াৰ উপৰিও আন এখন বিশেষ ৰেলগাড়ীয়ে কোটা ষ্টেচনৰ পৰা নিজৰ যাত্ৰা আৰম্ভ কৰিছে ।
এই বিশেষ ৰেলগাড়ীকেইখন স্বাস্থ্য়কৰ্মীৰ দলৰ লগতে আৰপিএফৰ দলৰ সুৰক্ষাত নিৰ্ধাৰিত স্থানলৈ পঠিওৱা হৈছিল । কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বুধবাৰে বিশেষ ৰেলৰ চলাচলত সন্মতি প্ৰদান কৰাৰ পিচতেই এইদৰে যাত্ৰা আৰম্ভ কৰিছিল ৰেলগাড়ীকেইখনে ।
লগতে পঢ়কঃৰে’ল বিভাগে মুকলি কৰিলে শ্ৰমিক স্পেচিয়েল..