অসম

assam

By

Published : Jan 1, 2021, 4:59 PM IST

ETV Bharat / bharat

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি...

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি
সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি

অসমবাসীলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন ৰণজিৎ কুমাৰ দাসৰ

ইংৰাজী নৱবৰ্ষ উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জনালে বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে ৷ মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ নেতৃত্বৰ ৰাজ্য চৰকাৰখনে যােৱা চাৰে চাৰিটা বছৰত ৰাইজক দিয়া প্রতিশ্রুতিসমূহ পূৰণ কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ সভাপতিগৰাকীৰ ৷

ছিলিণ্ডাৰ বিস্ফোৰণ ঘটি কৰিমগঞ্জত ভয়ংকৰ অগ্নিকাণ্ড

কৰিমগঞ্জত ভয়ংকৰ অগ্নিকাণ্ড ৷ ছিলিণ্ডাৰ বিস্ফোৰণ ঘটি সংঘটিত হয় অগ্নিকাণ্ডৰ ৷ বহু লক্ষাধিক টকাৰ সা-সম্পত্তি নষ্ট এই অগ্নিকাণ্ডত ৷

নৱবৰ্ষৰ প্ৰথম দিনাই অংগীকাৰবদ্ধ বৰপেটা চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষ

নৱবৰ্ষৰ প্ৰথম দিনা বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষৰ ব্যতিক্ৰমী প্ৰচেষ্টা ৷ নতুন পৰিকল্পনাৰে চিকিৎসালয়খন গঢ় দিয়াৰ বাবে চেষ্টা অব্যাহত অধ্যক্ষ গৰাকীৰ ৷ সকলো চিকিৎসক, নাৰ্চ তথা কৰ্মচাৰীক শপত বাক্য পাঠ কৰালে অধ্যক্ষ গৰাকীয়ে ৷

শিৱসাগৰত উদযাপন অৰুণোদই দিৱস

শিৱসাগৰৰ পৰা প্ৰকাশিত অৰুনোদইক অভিজ্ঞান কৰিবলৈ পহিলা জানুৱাৰীত অসম সাহিত্য সভাই অনুষ্ঠিত কৰি আহিছে অৰুনোদই দিৱস ৷ যাৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে ঐতিহাসিক শিৱসাগৰত অনুষ্ঠিত কৰা হয় অৰুনোদই দিৱস ৷

সন্ত্ৰাসবাদৰ পিচতে জম্বু-কাশ্মীৰবাসীৰ বাবে বৃহৎ প্ৰত্যাহ্বান হৈছে ড্ৰাগছ: DGP

বিগত বৰ্ষত জম্বু-কাশ্মীৰত 1,600 গৰাকী ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ আৰক্ষীৰ শীৰ্ষ বিষয়াই প্ৰকাশ কৰিছে এই তথ্য ৷

সুৰাৰ ৰাগিত চিকিৎসকে জ্বলালে ঘৰ

বিলাসীপাৰাত নতুন বছৰৰ প্ৰথম দিনটোতে সংঘটিত এটা বিক্ষিপ্ত ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ এজন চিকিৎসকৰ বিৰুদ্ধে উত্থাপন হৈছে অগ্নি সংযোগ কৰি দোকান ঘৰ জ্বলাই দিয়াৰ অভিযোগ ৷

কাটিগঢ়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ে

নতুন বছৰত নতুন ঘোষণা প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ৰ। নৱবৰ্ষৰ প্ৰথম দিনটোতে কালী মন্দিৰত উপস্থিত হৈ সেৱা জনাই আগন্তুক ৰাজনৈতি ৰণকৌশলৰ কথা সদৰি কৰে ৷

নৱবৰ্ষৰ প্ৰথমটো দিনতে বিটিআৰত দপ্তৰ বিতৰণ

শুকুৰবাৰে বিটিআৰৰ সচিবালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত বিটিআৰৰ উপ মুখ্য কাৰ্যবাহী সদস্যসহ আঠগৰাকী কাৰ্যবাহী সদস্যৰ মাজত দপ্তৰসমূহ আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় ৷

ক'ভিড প্ৰট'কল মানি আৰম্ভ হ'ল বিদ্যালয়ৰ পাঠদান

প্ৰায় এটা বছৰৰ মূৰত পুনৰ আৰম্ভ হ'ল বিদ্যালয়ৰ নিয়মিত পাঠদান ৷ ক'ভিড প্ৰট'কল মানি চলি ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ আৰম্ভ হৈছে বিদ্যালয়ৰ নিয়মিত পাঠদান ৷ পুৱা 9 বজাৰ পৰা দুপৰীয়া 1:45 বজালৈ চলিব পাঠদান কাৰ্যসূচী ৷

বিশ্বশান্তিৰ কামনাৰে ভিন্ন ধৰ্মীয় স্থানত ভক্তৰ সমাগম

বছৰৰ প্ৰথমটো দিনত ধৰ্মীয় স্থলী সমূহত দেখিবলৈ পোৱা গ'ল দৰ্শনাৰ্থীৰ ব্যাপক সমাগম ৷ মহানগৰীৰো ভিন্ন ধৰ্মীয় স্থানত পুৱাৰ পৰা পৰিলক্ষিত হৈছে ভক্তই ভিৰ ৷ নতুন বছৰটোত নিৰাশাৰ মাজত আশা, অপ্ৰাপ্তিৰ মাজতো কিছু প্ৰাপ্তি বিচাৰি বিশ্বশান্তিৰ কামনাকে ভক্তগণে মূৰ দোৱালে ভগৱানৰ সন্মুখত ৷ ধূপ, দীপ নৈব্যদ্যৰ সুবাসেৰে সুবাসিত হৈ পৰিছে মহানগৰীৰ ভিন্ন ধৰ্মীয় স্থল ৷

ABOUT THE AUTHOR

...view details