সংখ্যাগৰিষ্ঠ দলে প্ৰথমে সুযোগ পাব বিটিএডিত চৰকাৰ গঠনৰ: ন্যায়ালয়
মঙলবাৰে মহামান্য আদালতে প্ৰদান কৰা নতুন নিৰ্দেশনা অনুসৰি, বিটিচিত চৰকাৰ গঠনৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ'ব সংখ্যাগৰিষ্ঠ দলক ৷ সেই পৰিপ্ৰেক্ষিতত বিপিএফ দলক অহা ২৬ ডিচেম্বৰৰ ভিতৰত তেওঁলোকক চৰকাৰ গঠনৰ ক্ষেত্ৰত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰাৰ লগতে, তেওঁলোকৰ মাজৰ পৰাই চি ই এম নিৰ্বাচনৰ নিৰ্দেশ প্ৰদান কৰিছে ন্যায়ালয়ে ৷
কৰ‘ণাৰ প্ৰতিষেধকৰ প্ৰথমটো ড‘জ গ্ৰহণ কৰিলে জ‘ বাইডেনে
বাইডেনক বৰ্তমান কৰ‘ণাৰ প্ৰতিষেধকৰ প্ৰথমটো ড‘জ দিয়া হৈছে ৷ কিছুদিনৰ পাছত তেখেতক দ্বিতীয়টো ড‘জো প্ৰদান কৰা হ‘ব যাতে তেখেত কৰ‘ণাৰ ভয়াৱহতাৰ পৰা সম্পূৰ্ণ ৰূপে সুৰক্ষিত হয় ৷ দ্বিতীয়টো ড‘জ প্ৰদানৰ তাৰিখ ৰাষ্ট্ৰপতিৰ ইলেক্ট’ মেডিকেল দলে নিৰ্ধাৰণ কৰিব ৷
কৃষি আইন বাতিলৰ দাবীত আঞ্চলিক গণ মৰ্চাৰ প্ৰতিবাদ
কৃষি আইনৰ বিৰুদ্ধে মহানগৰীৰ ৰাজপথত সাব্যস্ত প্ৰতিবাদ ৷ কামৰূপ জিলা সমন্বয়ৰক্ষী সমিতিৰ লগতে গণ মৰ্চাৰ একাংশ নেতাই এই প্ৰতিবাদত অংশগ্ৰহণ কৰে ৷
গুৱাহাটীৰ বিভিন্ন ঠাইত আয়কৰ বিভাগৰ অভিযান
মঙলবাৰে মহানগৰীৰ বিভিন্ন স্থানত আয়কৰ বিভাগে চলায় অভিযান ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ ঠিকা সম্পৰ্কীয় এক অভিযোগত এইদৰে অভিযান চলাই বিভাগে ৷ মহানগৰীৰ উষা কোৰ্ট, জু-ৰোড, গনেশগুৰিত চলে এই অভিযান ৷ উষা কোৰ্টৰ ৩নং মহলাত চলি আছে এই অভিযান ৷ কেৱল উষা কোৰ্টতেই নহয় জু-ৰোডৰ আইভৰি এপাৰ্টমেন্টটো চলিছে এই অভিযান ।
প্ৰসৱৰ 24 ঘণ্টাৰ ভিতৰত সদ্যজাত সন্তানক লৈ খোজকাঢ়ি ঘৰমুৱা প্ৰসুতি
প্ৰসৱৰ 24 ঘণ্টা সম্পূৰ্ণ নোহোৱাৰ আগতে এগৰাকী মহিলাক কোনো সহায়তা অবিহনেই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ এৰিবলৈ কোৱা হয় ৷ মহিলাগৰাকীৰ ওচৰত কোনো বিকল্প নথকাৰ ফলত প্ৰসুতি গৰাকীয়ে এখন পাহাৰ বগাবলৈ বাধ্য হয় ৷