তেজপুৰত মডেল হাইস্কুলৰ আধাৰশিলা স্থাপন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
তেজপুৰত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ মডেল হাইস্কুৰ আধাৰশিলা স্থাপনৰ উদ্দেশ্যে উপস্থিত মন্ত্ৰী গৰাকী ৷
কোভিড 19: বিশ্বৰ সামগ্ৰিক তথ্য
সমগ্ৰ বিশ্বত কৰ’ণাত আক্ৰান্ত হৈছে 4,68,10,375 গৰাকী ব্যক্তি আৰু ইয়াৰ বিপৰীতে মৃত্যুবৰণ কৰিছে 12,05,206 গৰাকীয়ে ৷ ভাইৰাছবিধে সমগ্ৰ বিশ্বৰ অৰ্থ ব্যৱস্থাত ভয়ংকৰ ক্ষতি কৰিছে ৷ লগতে সলনি কৰিছে সমগ্ৰ বিশ্বৰ জন সাধাৰণৰ জীৱন প্ৰণালী ৷
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ বাবে মুকলি পৰ্টেল
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে আজিৰে পৰা 30 নৱেম্বৰলৈকে প্ৰ-পত্ৰ পূৰণৰ বাবে মুকলি কৰি দিছে এই অনলাইন ব্যৱস্থা ৷
18 নৱেম্বৰত ইমৰাণ খানে উদ্বোধন কৰিব মেগা চিপেক চিটী প্ৰকল্প
পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে অহা 18 নৱেম্বৰত মেগা চিপেক (CPEC) চিটী প্ৰকল্প উদ্বোধন কৰিব ৷ চীনৰ ৰাষ্ট্ৰপতি ঝী জিনপিঙৰ বেল্ট এণ্ড ৰোড ইনিশ্বিয়েটিভৰ অধীনৰ 62 বিলিয়ন আমেৰিকান ডলাৰৰ অভিলাসী চিপেক প্ৰকল্পৰ অধীনত এই চিটী নিৰ্মাণ কৰা হৈছিল ৷
বিদ্যালয় খোলাৰ দিনাই পাঠদানৰ পৰা বঞ্চিত শিক্ষাৰ্থী
প্ৰথম দিনাই পাঠদানৰ পৰা বঞ্চিত হ'ল নাৰায়ণপুৰৰ এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ৷ প্ৰধান শিক্ষকে দায়িত্ব নোলোৱাৰ বাবেই চেনিটাইজ কৰোৱা নহ’ল বিদ্য়ালয়খন ৷ যাৰ পৰিপেক্ষিতত পাঠদানৰ পৰা বঞ্চিত হৈ ৰ’ল নাৰায়ণপুৰৰ খেৰাজখাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল ৷