অসম

assam

ETV Bharat / bharat

মহাৰাষ্ট্ৰত বাছ দুৰ্ঘটনা, 5 গৰাকী যাত্ৰী নিহত

মহাৰাষ্ট্ৰৰ পুনে-মুম্বাই ৰাষ্ট্ৰীয় ঘাইপথত এখন যাত্ৰীবাহী বাছ দুৰ্ঘটনাগ্ৰস্ত ৷ দুৰ্ঘটনাটোত 5 গৰাকী যাত্ৰী নিহত হোৱাৰ বিপৰীতে 30 গৰাকী যাত্ৰী আহত হয় ৷

By

Published : Nov 4, 2019, 3:23 PM IST

মহাৰাষ্ট্ৰত বাছ দুৰ্ঘটনা

নিউজ ডেস্ক, 4 নৱেম্বৰঃ সোমবাৰে মহাৰাষ্ট্ৰত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা ৷ পুনে-মুম্বাই ৰাষ্ট্ৰীয় ঘাইপথৰ ভোৰঘাটৰ কাষত এখন যাত্ৰীবাহী বাছ খাৱৈত পৰে ৷ দুৰ্ঘটনাটোত 5 গৰাকী যাত্ৰী নিহত হোৱাৰ বিপৰীতে 30 গৰাকী যাত্ৰী আহত হয় ৷

মহাৰাষ্ট্ৰত বাছ দুৰ্ঘটনা


পুণেৰ পৰা মুম্বাই অভিমুখে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱায় বাছখনে ৷ দুৰ্ঘটনাটোত নিহত যাত্ৰীসকল ক্ৰমে, শচীন থৰোট, স্নেহা জনাৰ্দন পাটিল, জনাৰ্দন পাটিল , সঞ্জয় শিবাজী ৰক্ষয় ৷ ইপিনে, আহত সকলক সম্প্ৰতি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

ABOUT THE AUTHOR

...view details