নিউজ ডেস্ক,27 অক্টোবৰঃবিজয়া দশমীৰ দিনাই পশ্চিমবংগত ঘটিল এক শোকাকুল ঘটনা ৷ দেৱী মাৰ প্ৰতিমা বিসৰ্জন দিবলৈ গৈ সলিল সমাধি ঘটিল পাঁচজনকৈ লোকৰ ৷
সোমবাৰে পশ্চিম বংগৰ মুৰ্শিদাবাদস্থীত ডামনিত সংঘটিত হৈছে এই শোকাৱহ দুঘটনাটো ৷ এটা জলাশয়ত পুৱতি নিশা সংঘটিত হয় এই দুৰ্ঘটনা ৷ ইতিমধ্যে জলাশয়টোৰ পৰা পাঁচজনকৈ লোকক উদ্ধাৰ কৰাৰ লগতে আৰু অধিক লোক থকাৰ সন্দেহ কৰি আৰক্ষী আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে যৌথভাৱে উদ্ধাৰ অভিযান চলাই গৈছে ৷ এই কথা সদৰি কৰিলে আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই ৷