অসম

assam

ETV Bharat / bharat

দীপাৱলীত অযোধ্যাত জ্বলোৱা হ'ব 5.5 লাখ চাকি - দীপাৱলীত অযোধ্যাত জ্বলোৱা হ'ব 5.5 লাখ চাকি

11 নৱেম্বৰৰ পৰা 13 নৱেম্বৰলৈ অযোধ্যাত পোহৰৰ উৎসৱ দীপাৱলী ৷ বিশ্ব ৰেকৰ্ড গঢ়াৰ উদ্দেশ্য 5 লাখ 50 হাজাৰ চাকি জ্বলোৱা হ'ব ৷ সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি পালন কৰা হ'ব এই উৎসৱ ৷

5.5 lakh earthen lamps to be lighten up in Ayodhya for Deepotsav
দীপাৱলীত অযোধ্যাত জ্বলোৱা হ'ব 5.5 লাখ চাকি

By

Published : Oct 24, 2020, 10:59 AM IST

নিউজ ডেস্ক, 24 অক্টোবৰ : আগন্তক দীপাৱলীত অযোধ্যাত বিশ্ব ৰেকৰ্ড গঢ়াৰ উদ্দেশ্যে 5 লাখ 50 হাজাৰ মাটিৰ চাকিজ্বলোৱা হ'ব ৷ সম্পূৰ্ণ ক'ভিড প্ৰট'কল পালন কৰি এই উৎসৱ পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কৰ্তৃপক্ষই ৷

উল্লেখ্য যে, কৰ'ণা মহামাৰীৰ কাৰণে চলিত বৰ্ষত বিশ্ববিখ্যাত ৰামলীলাক ডিজিটেল মাধ্যমলৈ ৰূপান্তৰ কৰা হৈছে ৷ একেদৰে, চলিত বৰ্ষত অযোধ্যাতো পোহৰৰ উৎসৱ দীপাৱলীক এক অন্য ৰূপত দেখা পোৱা যাব বুলি উল্লেখ কৰে ৷ চলিত বৰ্ষত 11 নৱেম্বৰৰ পৰা 13 নৱেম্বৰলৈ দীপাৱলী উৎসৱ পালন কৰা হ'ব ৷

বিগত বৰ্ষত চহৰখনত 5 লাখ চাকি জ্বলাই বিশ্ব ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছিল কিন্তু এইবাৰ5 লাখ 50 হাজাৰ চাকি জ্বলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

শুকুৰবাৰে অযোধ্যাৰ জিলা দণ্ডাধীশ অনুজ কুমাৰ ঝাই কয় যে, 13 নৱেম্বৰত ৰামকথা পাৰ্ক, ৰামকি পেডি, নয়াঘাট, চাৰু আৰতিকে ধৰি কেইবাটাও স্থানত মুখ্য অনুষ্ঠানটো অনুষ্ঠিত কৰা হ'ব ।সন্ধিয়া ওপৰৰ পৰা পুষ্পবৃষ্টি কৰিব আৰু তাৰ পিচত ৰামলীলা ভজন অনুষ্ঠিত কৰি চাকি জ্বলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কৰ্তৃপক্ষই ৷

উল্লেখ্য যে, ক'ভিড মহামাৰীৰ বাবে কেৱল সীমিত সংখ্যক লোকে অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পৰিচয় পত্ৰ লাভ কৰিব ৷ কেৱল প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে সীমিত সংখ্যক লোকক অনুমতি প্ৰদান কৰিছে ৷

কৰ্তৃপক্ষৰ ফালৰ পৰা জনোৱা অনুসৰি, ক'ভিড প্ৰট'কল আৰু চৰকাৰী নীতি-নিৰ্দেশনা পালন কৰি এই উৎসৱ পালন কৰা হ'ব ৷

লগতে পঢ়ক :গণেশগুৰিৰ নতুন উৰণীয়া সেঁতুয়ে হাঁহি বিৰিঙাইছে ব্যৱসায়ীৰ

ABOUT THE AUTHOR

...view details