অসম

assam

ETV Bharat / bharat

কৰ'ণা ভাইৰাছত আক্ৰান্ত 5 গৰাকী এয়াৰ ইণ্ডিয়াৰ পাইলট - কৰ'ণা ভাইৰাছ

এয়াৰ ইণ্ডিয়াৰ পাঁচ পাইলট কৰ'ণা ভাইৰাছত আক্ৰান্ত ৷ তেওঁলোকে 20 এপ্ৰিল পৰ্যন্ত চীনলৈ কাৰ্গো বিমান অপাৰেট কৰিছিল বুলি শীৰ্ষ বিষয়াৰ মন্তব্য ৷

এয়াৰ ইণ্ডিয়াৰ পাঁচ পাইলট
কৰ'ণা ভাইৰাছত আক্ৰান্ত 5 এয়াৰ ইণ্ডিয়াৰ পাইলট

By

Published : May 10, 2020, 3:00 PM IST

নেশ্যনেল ডেস্ক, 10 মে' : দেওবাৰে এয়াৰলাইনৰ এক সূত্ৰই প্ৰদান কৰা তথ্য অনুসৰি, কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে এয়াৰ ইণ্ডিয়াৰ পাঁচ পাইলট ৷ উল্লেখ্য যে, বিভিন্ন দেশৰ পৰা ভাৰতীয়ক উদ্ধাৰৰ বাবে এয়াৰ ইণ্ডিয়াই অবিৰত সেৱা আগবঢ়াই আহিছে ৷ এয়াৰ ইণ্ডিয়াৰ বিমান অপাৰেট কৰাৰ পূৰ্বে পাইলট সকলৰ কৰ'ণা ভাইৰাছ পৰীক্ষণ কৰা হয় ৷

আন এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি, আক্ৰান্ত হোৱা পাঁচজনক আসোঁৱাহ থকা টেষ্টিং কিটেৰে পৰীক্ষা কৰা বুলি সন্দেহ কৰা হৈছে ৷

এই পাঁচজন পাইলটে বয়িং 787 বিমান অপাৰেট কৰে ৷ বৰ্তমানলৈকে এয়াৰ ইণ্ডিয়াৰ মুখপাত্ৰই এই সন্দৰ্ভত কোনো মত প্ৰকাশ কৰা নাই ৷

আনহাতে, এয়াৰ লাইনৰ এজন শীৰ্ষ বিষয়াই কয় যে, এই পাঁচজন পাইলটে যোৱা তিনি সপ্তাহ ধৰি কোনো বিমান অপাৰেট কৰা নাই ৷ তেওঁলোকে 20 এপ্ৰিল পৰ্যন্ত চীনলৈ কাৰ্গো বিমান অপাৰেট কৰিছিল ৷

ABOUT THE AUTHOR

...view details