অসম

assam

ETV Bharat / bharat

লক ডাউনঃ মিজোৰামত আবদ্ধ বহিঃৰাজ্যৰ 445 গৰাকী লোক - বহিঃৰাজ্যৰ 445

. দেশৰ বিভিন্ন ৰাজ্যত লক ডাউনৰ ফলত আবদ্ধ হৈ আছে মিজোৰামৰ কেবা শতাধিক লোক ৷ এই লোকসকলক মানৱীয়তাৰ খাতিৰত পৰ্যাপ্ত সহায় কৰিবলৈ অন্যান্য ৰাজ্যৰ ৰাজ্য চৰকাৰসমূহৰ লগত মিজোৰাম চৰকাৰে যোগাযোগ অব্যাহত ৰাখিছে ৷

445 people from various states stranded in Mizoram: CM
লক ডাউনঃ মিজোৰামত আৱদ্ধ বহিঃৰাজ্যৰ 445 গৰাকী লোক

By

Published : Apr 17, 2020, 2:35 PM IST

নিউজ ডেস্ক, 17 এপ্ৰিল :মাৰাত্মক কৰ‘ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ উদ্দেশ্যে দেশজুৰি ঘোষণা কৰা লক ডাউনৰ ফলত মিজোৰামত আবদ্ধ হৈ আছে বহিঃৰাজ্যৰ 445 গৰাকী লোক ৷ বৃহস্পতিবাৰে এই কথা সদৰি কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জৰাম থাংগাই ৷ লক ডাউনৰ ফলত আবদ্ধ হৈ পৰা বহিঃৰাজ্যৰ এই লোকসকলৰ অধিকাংশই ৰাজ্যখনৰ চৰকাৰী সাহাৰ্য শিবিৰ সমূূহত আশ্ৰয় গ্ৰহণ কৰি আছে আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা উক্ত লোক সকলৰ বাবে খাদ্য-সামগ্ৰীকে আদি কৰি যথা সম্ভৱ অন্যান্য সহায় কৰি থকা হৈছে বুলিও কয় ৰাজ্যখনৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ অন্যহাতে দেশৰ বিভিন্ন ৰাজ্যত লক ডাউনৰ ফলত আবদ্ধ হৈ আছে মিজোৰামৰ কেবাশতাধিক লোক ৷ এই লোকসকলক মানৱীয়তাৰ খাতিৰত পৰ্যাপ্ত সহায় কৰিবলৈ অন্যান্য ৰাজ্যৰ ৰাজ্য চৰকাৰসমূহৰ লগত মিজোৰাম চৰকাৰে যোগাযোগ অব্যাহত ৰাখিছে বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ৷ দেশৰ পৰিস্থিতি কিছু স্বাভাৱিক হ‘লে বহিঃৰাজ্যত থকা এই লোক সকলক উভতাই আনিবলৈ মিজোৰাম চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও সদৰি কৰে মুখ্যমন্ত্ৰী জৰাম থাংগাই ৷

লগতে পঢ়ক : ভাৰতে ৫৫ খন দেশক যোগান ধৰিছে ‘HCQ’, বিদেশৰ পৰা আনিছে পি পি ই

ABOUT THE AUTHOR

...view details