নিউজ ডেস্ক, 11 মে': দেশত চলি থকা কৰ'ণা ভাইৰাছ সংকটৰ মাজতে উত্তৰ প্ৰদেশৰ চিত্ৰকূট জিলাত সংঘটিত হয় ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা । সোমবাৰে আৰক্ষীয়ে প্ৰকাশ কৰে এই কথা । দেওবাৰে সন্ধিয়া 7.30 মান বজাত অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয় বুলি জনাই আৰক্ষীয়ে ।
উত্তৰ প্ৰদেশত ভষ্মীভূত 40 টাকৈ ঘৰ - কৰ'ণা ভাইৰাছ
উত্তৰ প্ৰদেশৰ চিত্ৰকূট জিলাত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা । ঘটনাটোত জাহ যায় লক্ষাধিক টকাৰ সামগ্ৰীৰ লগতে 40 টা বাসগৃহ ।
![উত্তৰ প্ৰদেশত ভষ্মীভূত 40 টাকৈ ঘৰ উত্তৰ প্ৰদেশত ভষ্মীভূত 40 টাকৈ ঘৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7150279-419-7150279-1589197383142.jpg)
উত্তৰ প্ৰদেশত ভষ্মীভূত 40 টাকৈ ঘৰউত্তৰ প্ৰদেশত ভষ্মীভূত 40 টাকৈ ঘৰ
যি স্থানত এই ঘটনা সংঘটিত হয়, তাত কমেও 50 টা পৰিয়ালে বসবাস কৰিছিল । এই পৰিয়াল সমূহৰ ভিতৰত 40 টা কৈ পৰিয়ালৰ ঘৰ ভষ্মীভূত হোৱা বুলি জানিব পৰা গৈছে । ঘটনাটোত কোনো লোকৰ ক্ষয় ক্ষতিৰ বাতৰি পোৱা নাই যদিও লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যায় । কি কাৰণত এই ঘটনা সংঘটিত হ'ল এই বিষয়ে জানিব পৰা হোৱা নাই ।
ইপিনে গাঁৱৰ মুৰব্বীয় অভিযোগ কৰে যে, অগ্নি নিৰ্বীপক বাহিনী বহু পলমকৈহে উপস্থিত হয় ।