অসম

assam

ETV Bharat / bharat

উৰিষ্যাত উদ্ধাৰ 40 ফুট দৈৰ্ঘৰ তিমিৰ মৃতদেহ

ৰাজনগৰ মেনগ্ৰুভ বনাঞ্চল শাখাৰ জিলা বন বিষয়া ৰঞ্জন দাসে জনায় যে, 'স্তন্যপায়ীটোৰ দেহত কেইবাটাও আঘাতৰ চিহ্ন স্পষ্ট হৈ আছে । এই প্ৰজাতিবিধক আইইউচিএনৰ দ্বাৰা ভাবুকিসম্পন্ন লুপ্তপ্ৰায় প্ৰাণীসমূহৰ ৰঙা তালিকাৰ অন্তৰ্ভূক্ত কৰা হৈছে ।'

40-ft whale carcass washes ashore in Odisha
উৰিষ্যাত উদ্ধাৰ 40 ফুট দৈৰ্ঘৰ তিমিৰ মৃতদেহ

By

Published : May 24, 2020, 3:46 PM IST

নেশ্যনেল ডেক্স,24 মেঃ উৰিষ্যাৰ কেন্দ্ৰপাৰা জিলাত প্ৰায় 40 ফুট দৈৰ্ঘৰ এটা লুপ্তপ্ৰায় তিমিৰ মৃতদেহ উদ্ধাৰ কৰা হয় । জিলাখনৰ এগৰাকী বন বিষয়াই কয় যে, উদ্ধাৰ হোৱা স্তন্যপায়ীটোৰ ওজন প্ৰায় 10 টন হ'ব ।

ৰাজনগৰ মেনগ্ৰুভ বনাঞ্চল শাখাৰ জিলা বনবিষয়া ৰঞ্জন দাসে জনায় যে, 'স্তন্যপায়ীটোৰ দেহত কেইবাটাও আঘাতৰ চিহ্ন স্পষ্ট হৈ আছে । এই প্ৰজাতিবিধক আইইউচিএনৰ দ্বাৰা ভাবুকিসম্পন্ন লুপ্তপ্ৰায় প্ৰাণীসমূহৰ ৰঙা তালিকাৰ অন্তৰ্ভূক্ত কৰা হৈছে ।'

উৰিষ্যাত উদ্ধাৰ 40 ফুট দৈৰ্ঘৰ তিমিৰ মৃতদেহ

স্তন্যপায়ীটোৰ দেহৰ আঘাতসমূহ প্ৰত্যক্ষ কৰি ইয়াক কোনো জাহাজ নাইবা মাছমৰীয়াৰ নৌকাই খুন্দিওৱাৰ সন্দেহ প্ৰকাশ কৰে জিলা বনবিষয়া গৰাকীয়ে । তিমিটোৰ মৰনোত্তৰ পৰীক্ষাৰ অন্তত ইয়াক পুতি থোৱা হ'ব নে ইয়াৰ কংকালটো সংৰক্ষণ কৰা হ'ব এই সন্দৰ্ভত উচ্চ বিষয়াসকলৰ সৈতে আলোচনা কৰা হ'ব বুলি জনায় জিলা বন বিষয়া ৰঞ্জন দাসে ।

লগতে পঢ়ক- ডিব্ৰু ছৈখোৱাত ৰাজ্যসভাৰ সাংসদ অজিৎ কুমাৰ ভূঞাসহ সজাতি দল

ABOUT THE AUTHOR

...view details