নেশ্যনেল ডেস্ক, ২৭ মে': উত্তৰ প্ৰদেশৰ চান্দৌলীত মালবাহী ৰে'লৰ চেপাত প্ৰাণ হেৰুৱায় ৪ গৰাকীকৈ লোকে ।
প্ৰাপ্ত তথ্য অনুসৰি, সদৰ কোটৱালী এলেকাৰ হিনৌতা গাঁৱৰ কাষৰীয়া ডাউন লাইনত ডীডীইউ জংচনৰ পৰা চান্দৌলী অভিমুখে গতি কৰা এখন মালবাহী গাড়ীৰ চেপাত এই ঘটনা সংঘটিত হয় । ঘটনাৰ পিচতে ৰে'লখনৰ চালকে ততাতৈয়াকৈ নিয়ন্ত্ৰণ কক্ষত খবৰ দিয়ে ।