নিউজ ডেস্ক, ১১ এপ্ৰিলঃ শুকুৰবাৰে উত্তৰ প্ৰদেশত নাহৰফুটুকীৰ সন্ত্ৰাস । দুটাকৈ পৃথক-পৃথক নাহৰফুটুকী আক্ৰমণত আহত হয় মুঠ ৪ জনকৈ লোক । কাটাৰনিয়াঘাট অভয়াৰণ্যৰ সমীপত সংঘটিত হয় এই ঘটনা সমূহ ।
বন বিষয়াই জানিব দিয়া মতে, এটা ঘটনা লাল বঝা গাঁৱৰ ধাৰ্মাপুৰ ৰেঞ্জৰ অন্তৰ্গত দুই ভাতৃ ক্ৰমে আছৰফ আলি আৰু ৰফিকক কৃষি ফাৰ্মত কাম কৰি থকা সময়তে আক্ৰমণ চলায় নাহৰফুটুকীয়ে । গাঁওবাসীৰ তৎপৰাত প্ৰাণ ৰক্ষা পৰে যুৱক দুজনৰ ।
আনহাতে সেই একেখন গাঁৱতে মটিপুৰ ৰেঞ্জত ৰবি প্ৰকাশ আৰু গোবিন্দৰ ওপৰতো নাহৰফুটুকীয়ে আক্ৰমণ চলায় আঘাত প্ৰাপ্ত কৰে লোক দুজনক । চাৰিওকে পিচত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলিও ডিএফঅ জিপি সিঙে জানিবলৈ দিয়ে ।
কৰ'ণা ভাইৰাছৰ বাবে লক্ ডাউন চলি থকাৰ মাজত মানুহৰ সমাগম, যান-বাহনৰ চলাচল কমি যোৱাৰ বাবেই জনাঞ্চলত এনেদৰে জন্তুৱে আক্ৰমণ চলাইছে বুলি উল্লেখ কৰে সিঙে । গাঁওবাসীক এই সন্দৰ্ভত সজাগ কৰা হৈছে । তেওঁলোকক সতৰ্ক আৰু ঘৰৰ ভিতৰত থকাৰ নিৰ্দেশ দিয়া হৈছে বুলি উল্লেখ কৰে বন বিষয়াগৰাকীয়ে ।