নেশ্যনেল ডেস্ক, 2 নৱেম্বৰ : ঝাৰখণ্ডৰ চিমদেগা জিলাৰ পৰা ঝাৰখণ্ডৰ বানো আৰক্ষী থানাৰ অন্তৰ্গত কানাৰোৱান জংগলৰ পৰা আৰক্ষীয়ে আটক কৰিছে 4 টাকৈ মাওবাদী ৷ নিষিদ্ধ ঘোষিত পিপুলচ লিবাৰেছন ফ্ৰন্ট অৱ ইণ্ডিয়াৰ কেইগৰাকীমান সদস্য জংগলত লুকাই থকা বুলি আৰক্ষীয়ে খবৰ লাভ কৰে ৷ বিষেশ সূত্ৰই লাভ কৰা খবৰৰ ভিত্তিত দেওবাৰে নিশা আৰক্ষীয়ে এক অভিযান চলায় ৷ এই অভিযান কালতেই 4 টাকৈ দুধৰ্ষ মাওবাদীক গ্ৰেপ্তাৰ কৰে ঝাৰখণ্ড আৰক্ষীয়ে ৷ ধৃত মাওবাদী কেইটাৰ পৰা অস্ত্ৰ -শস্ত্ৰ সহ এটা দেশীয় ৰাইফল আৰু ইয়াৰ 8 টা কাৰ্টিজৰ লগতে আপত্তিজনক নথি- পত্ৰ উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ জিলা আৰক্ষী অধীক্ষক শ্বামচ টবৰেজে সংবাদ সাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে ৷
অস্ত্ৰ -শস্ত্ৰ সহ ঝাৰখণ্ডত গ্ৰেপ্তাৰ 4 মাওবাদী
ঝাৰখণ্ডৰ বানো আৰক্ষী থানাৰ অন্তৰ্গত কানাৰোৱান জংগলত চলোৱা এক তালাচী অভিযানত 4 টাকৈ দুধৰ্ষ মাওবাদী গ্ৰেপ্তাৰ হয় ৷
অস্ত্ৰ -শস্ত্ৰ সহ ঝাৰখণ্ডত গ্ৰেপ্তাৰ 4 মাওবাদী