অসম

assam

ETV Bharat / bharat

কৰ'ণা আৰু কাৱাছাকী ভাইৰাছক পৰাস্ত কৰিলে ৪ মহীয়া শিশুৱে

১০ দিনৰ অন্তত কলকাতাত কৰ'ণা মুক্ত হ'ল এটি ৪ মহীয়া দেৱ শিশু । কলকাতাৰ হুগলী জিলাৰ এই শিশুটি দীৰ্ঘদিন ধৰি কাৱাছাকী ভাইৰাছত আক্ৰান্ত হোৱাৰ উপৰিও শেহতীয়াকৈ আক্ৰান্ত হৈছিল মহামাৰী কৰ'ণাৰ ।

COVID-19
কলকাতাত ৪ মহীয়া শিশুৰ দেহত কাৱাছাকী আৰু কৰ'ণাৰ উপস্থিতি

By

Published : Jun 1, 2020, 11:56 AM IST

নিউজ ডেস্ক, ১ জুনঃ কলকাতাত কৰ'ণা মুক্ত হ'ল এটি ৪ মহীয়া শিশু । দীৰ্ঘদিন ধৰি কাৱাছাকীত আক্ৰান্ত ৪ মহীয়া দেৱ শিশুটো শেহতীয়াকৈ COVID-19ত আক্ৰান্ত হয় যদিও দুয়োতা ৰোগকে পৰাস্ত কৰিবলৈ সক্ষম হয় শিশুটিয়ে ।

কলকাতাত ৪ মহীয়া শিশুৰ দেহত কাৱাছাকী আৰু কৰ'ণাৰ উপস্থিতি

কলকাতাৰ হুগলী জিলাৰ এই শিশুটো বিগত কিছুদিন ধৰি চিকিৎসাধীন হৈ আছিল এখন ব্যক্তিগত হাস্পতালত । তীব্ৰ জ্বৰ, ছালৰ ৰোগ তথা একেৰাহে কান্দি থকা বাবেই অভিভাৱকে হাস্পতালত ভৰ্তি কৰাইছিল শিশুটিক । চিকিৎসকে প্ৰথম অৱস্থাত শিশুটিক কাৱাছাকী ৰোগত আক্ৰান্ত বুলি নিশ্চিত কৰে যদিও স্বাৱ পৰীক্ষাৰ পাছত শিশু টিৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি লাভ কৰে বুলি জানিবলৈ দিয়ে ।

আনহাতে, শিশুটিৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিয়ে উন্নত চিকিৎসাৰ বাবে কলকাতাৰ এখন ব্যক্তিগত কলেজ আৰু হাস্পতালত ভৰ্তি কৰোৱা হয় । তাৰ পাচতে ১০ দিনৰ ভিতৰত দেৱ শিশুটোৱে মহামাৰী COVID-19ক পৰাস্ত কৰি সম্পূৰ্ণৰূপে সুস্থ হৈ উঠে ।

উল্লেখ্য যে, মহামাৰী কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ লগতে সজাগতা সৃষ্টি তথা শংকিত নহ'বলৈ Indian Pediatric Association Journal য়ে ৪ মহীয়া শিশু টিৰ কথা দেশবাসীৰ আগত প্ৰকাশ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে ।

ABOUT THE AUTHOR

...view details