নিউজ ডেস্ক, 23 জুনঃ দেওবাৰে ৰাতিপুৱাৰ ভাগত নিৰাপত্তা বাহিনীৰে সংঘৰ্ষত লিপ্ত হয় এটা সন্ত্ৰাসবাদীৰ দল ৷ দক্ষিণ কাশ্মীৰৰ চোপিয়ান জিলাৰ কিগাম দামদোৰাত হোৱা সংঘৰ্ষত সেনাৰ গুলীত নিহত চাৰিটাকৈ সন্ত্ৰাসবাদী ৷
জম্মু কাশ্মীৰত সংঘৰ্ষত নিহত চাৰি সন্ত্ৰাসবাদী
দেওবাৰে ৰাতিপুৱাৰ ভাগত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত হয় চাৰিগৰাকী সন্ত্ৰাসবাদী ৷ দক্ষিণ কাশ্মীৰৰ চোপিয়ান জিলাৰ কিগাম দামদোৰাত সংঘটিত হয় এই সংঘৰ্ষ ৷
জম্মু কাশ্মীৰত সংঘৰ্ষত নিহত চাৰি সন্ত্ৰাসবাদী
নিহত সন্ত্ৰাসবাদীকেইটা চৌকট আহমেদ মীৰ ওৰফে আৰ্শ্বাদ, ৰফী হাচান মীৰ ওৰফে অমন উল হক, চোহেইল আহমেদ ভাট আৰু আজাদ আহমেদ বুলি চিনাক্ত কৰিছে নিৰাপত্তাবাহিনীয়ে ৷ নিহত আটাইকেইটা সন্ত্ৰাসবাদীয়ে হিজবুল মুজাহিদীনৰ সদস্য আছিল আৰু আটাইকেইটা চোপিয়ানৰ বাসিন্দা আছিল ৷