অসম

assam

ৰাসায়নিক জাৱৰ নিষ্কাশন কৰাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হৈ চাৰি শ্ৰমিকৰ মৃত্যু

By

Published : Jul 19, 2020, 4:45 AM IST

আহমেদাবাদৰ এটা বস্ত্ৰ উদ্যোগত ৰাসয়নিক আৱৰ্জনা নিষ্কাশন কৰি থকা সময়ত গেছ নিৰ্গত হৈ সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটো ৷ এই দুৰ্ঘটনাত অতি কমেও নিহত হয় চাৰিজনকৈ শ্ৰমিক ৷

ৰাসায়নিক জাৱৰ নিষ্কাশন কৰাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হৈ চাৰি শ্ৰমিকৰ মৃত্যু
ৰাসায়নিক জাৱৰ নিষ্কাশন কৰাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হৈ চাৰি শ্ৰমিকৰ মৃত্যু

নিউজ ডেস্ক, 19 জুলাইঃ গুজৰাটৰ আহমেদাবাদত সোমবাৰে সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা ৷ এখন ট্ৰেংকাৰৰ পৰা বস্ত্ৰ উদ্যোগৰ ৰাসায়নিক অৱৰ্জনা পৰিষ্কাৰ কৰি থকাৰ সময়তে সংঘটিত হয় দুৰ্ঘটনাটো ৷

ধলকা মহকুমাৰ অন্তৰ্গত ছিমেজ-ধলিত চিপ্ৰা গ্ৰুপ অব কোম্পেনিজৰ ট্ৰেংকাৰত থকা ৰাসায়নিক আৱৰ্জনা নিষ্কাশন কৰি আছিল শ্ৰমিক কেইজনে ৷ তেনেতে বিষাক্ত গেছ নিৰ্গত হৈ সংঘটিত হয় দুৰ্ঘটনাটো l

আহমেদাবাদ(গ্ৰাম্য) জিলাৰ উপ আৰক্ষী অধীক্ষক নিতেশ পাণ্ডেয়ে অৱগত কৰা অনুসৰি ৰাসায়নিক আৱৰ্জনা পৰিষ্কাৰ কৰি থকা সময়তে ট্ৰেংক খনৰ পৰা বিষাক্ত ৰাসায়নিক গেছ নিৰ্গত হয় ৷ য’ত মৃত্যুমুখত পৰে চাৰিগৰাকী শ্ৰমিক৷ ঘটনা সম্পৰ্কে এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে বুলি প্ৰকাশ কৰে আৰক্ষী বিষয়া জনে ৷

ইয়াৰ পূৰ্বে, 7 মে’ত অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত এল জি পলিমাৰ কাৰখানাৰ পৰা বিষাক্ত ৰাসায়নিক ষ্টেৰ্লিন গেছ নিৰ্গত হৈ 11 গৰাকী লোক মৃত্যু মুখত পৰাৰ লগতে চিকিৎসাধীন হ’ব লগীয়া হৈছিল অতি কমেও 600 জন লোক ৷

লগতে পঢ়কঃবাংলাদেশত গ্ৰেপ্তাৰ পশ্চিমবংগৰ যুৱতী, জামাতুল মুজাহিদীনৰ সৈতে সম্পৰ্ক

ABOUT THE AUTHOR

...view details