অসম

assam

ETV Bharat / bharat

প্ৰবল তুষাৰপাত আৰু হিমস্খলনৰ ফলত 4 জনৰ মৃত্যু - কাশ্মীৰত হিমস্খলন

হিমস্খলনৰ ফলত চাৰিজন লোকৰ মৃত্যু ৷ জম্মুৰ কুপৱাৰা জিলাত দুজন, এজন পি ডি ডি কৰ্মচাৰীয়ে বিদ্যুৎ সংযোগ কৰি থকা সময়ত আৰু এজন পথচাৰীৰ চিনাৰ গছ ভাগি মৃত্যু হয় ৷

হিমস্খলনৰ ফলত 4 জনৰ মৃত্যু

By

Published : Nov 8, 2019, 1:00 AM IST

নেশ্বনেল ডেস্ক, 7 নৱেম্বৰঃ জম্মু-কাশ্মীৰত হিমস্খলনৰ পৃথক পৃথক ঘটনাত চাৰিজনকৈ লোকৰ মৃত্যু হয় ৷ মৃত্যু হোৱা লোককেইজনক কুপৱাৰা জিলাৰ মনজুৰ আহমেদ আৰু ইচাদ খান লগতে পিডিডি কৰ্মচাৰী মনজুৰ আহমেদ আৰু আনগৰাকী এগৰাকী পথচাৰী বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: নুমলীগড় শোধনাগাৰ আৰু নগা চুক্তি সন্দৰ্ভত অমিত শ্বাহৰ সৈতে আলোচনাত বহিল মুখ্যমন্ত্ৰী সোণোৱাল

নিহত পিডিডি কৰ্মচাৰীগৰাকীলৈ শ্ৰীনগৰ জিলা প্ৰশাসনে 2 লাখ টকাৰ ক্ষতিপুৰণ আগবঢ়াইছে ৷ জম্মু-কাশ্মীৰৰ বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা অনুসৰি, পূৰ্বৰ তুলনাত এইবাৰ আগতীয়াকৈ তুষাৰপাত হৈছে ৷ অত্যধিক পৰিমানে হোৱা তুষাৰপাতৰ ফলত বহুকেইখন বিমানৰ যাত্ৰা বাতিল কৰিবলগীয়া হৈছে ৷

ABOUT THE AUTHOR

...view details