অসম

assam

By

Published : Oct 4, 2020, 8:58 PM IST

ETV Bharat / bharat

গুৰুগ্ৰামত ফুড ডেলিভাৰী দিয়া যুৱকৰ কামনাৰ বলি মহিলা

দেশত বৃদ্ধি পাবলৈ ধৰিছে ধৰ্ষণৰ ঘটনা ৷ হাথৰস কাণ্ডৰ বিভীষিকা মাৰ নৌযাওতেই দেশৰ আন আন প্ৰান্ততো সংঘটিত হৈছে অনুৰূপ ঘটনা ৷ শনিবাৰে গুৰুগ্ৰামতো এগৰাকী 32 বৰ্ষীয় মহিলাক ধৰ্ষণ কৰে ফুড ডেলিভৰীৰ সৈতে জড়িত 4 জন যুৱকে ৷

গুৰুগ্ৰামত ফুড ডেলিভাৰী বৃত্তিত জড়িত যুৱকে ধৰ্ষণ কৰিলে মহিলাক
গুৰুগ্ৰামত ফুড ডেলিভাৰী বৃত্তিত জড়িত যুৱকে ধৰ্ষণ কৰিলে মহিলাক

নেশ্যনেল ডেস্ক, 4 অক্টোবৰ:হাৰিয়ানা আৰক্ষীয়ে এগৰাকী 32 বৰ্ষীয় মহিলাক ধৰ্ষণ কৰাৰ অভিযোগত 4 জনকৈ ফুড ডেলিভৰীৰ সৈতে জড়িত যুৱকক প্ৰেপ্তাৰ কৰে ৷ শনিবাৰে গুৰুগ্ৰামত সংঘটিত এই ঘটনাৰ সময়ত ভুক্তভোগী গৰাকীক মাৰধৰো কৰা হৈছিল ৷

আৰক্ষীয় জানিবলৈ দিয়া অনুসৰি, ঘটনাতো পোশ ডিএলএফ ফেচ-2 এলেকাত সংঘটিত হৈছে ৷ অভিযুক্ত যুৱক কেইজন পংকজ, পৱন, ৰঞ্জন আৰু গোবিন্দ বুলি চিনাক্ত কৰা হৈছে ৷

চাৰিওজন অভিযুক্ত Zomato আৰু Swiggy ৰ কৰ্মচাৰী আছিল ৷ আৰম্ভণিতে ভুক্তভোগী গৰাকীক চিকিৎসা প্ৰদানৰ বাবে স্থানীয় চৰকাৰী চিকিৎসালয় এখনত ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু পৰৱৰ্তী সময়ত তেওঁৰ স্বাস্থ্যই জটিল ৰূপ ধাৰণ কৰাত দিল্লীৰ সফদৰজং চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি তেওঁলোকে সাক্ষ্যৰ যুগুতাবৰ বাবে মহিলাগৰাকী আৰোগ্য হোৱালৈ বাট চাই আছে ৷

লগতে পঢ়ক:উত্তৰ প্ৰদেশ আৰু বিহাৰত সংঘটিত ধৰ্ষণৰ ঘটনা

ABOUT THE AUTHOR

...view details