নেশ্যনেল ডেস্ক, ২১ অক্টোবৰ: মহাৰাষ্ট্ৰৰ নন্দুৰবাৰ জিলাৰ ঘাট ছেক্সনত সংঘটিত হৈছে ভয়াৱহ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ দ' খাৱৈত সোমাল তীব্ৰবেগী যাত্ৰীবাহী নৈশ বাছ। দুৰ্ঘটনাত ৫জন যাত্ৰী নিহত হোৱাৰ বিপৰীতে ৩৪গৰাকী যাত্ৰী আহত হয়। বাছখন গুজৰাটৰ মলকাপুৰৰ পৰা চুৰটলৈ গৈ আছিল। পুৱতি নিশা প্ৰায় ৩,১৫বজাত বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই ৩০ ফুট দ' খাৱৈত পৰি যায়। খবৰ পোৱাৰ পিছতে দুৰ্ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়। আৰক্ষী বিষয়াই জনোৱা তথ্য় অনুসৰি ৫গৰাকী যাত্ৰী থিতাতে নিহত হয় আৰু ৩৪গৰাকী আঘাতপ্ৰাপ্ত হয়। আহত লোকসকলক বিছৰাবাড়ীৰ এখন হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।
মহাৰাষ্ট্ৰত যাত্ৰীবাহী নৈশ বাছ দুৰ্ঘটনাগ্ৰস্ত,৫জনৰ মৃত্যু - মহাৰাষ্ট্ৰ
মহাৰাষ্ট্ৰত নিয়ন্ত্ৰণ হেৰুৱাই ৩০ ফুট দ' খাৱৈত সোমাল যাত্ৰীবাহী নৈশ বাছ। ভয়াৱহ দুৰ্ঘটনাত ৫জন যাত্ৰী নিহত। আহত হৈছে ৩৪গৰাকী যাত্ৰী।
![মহাৰাষ্ট্ৰত যাত্ৰীবাহী নৈশ বাছ দুৰ্ঘটনাগ্ৰস্ত,৫জনৰ মৃত্যু মহাৰাষ্ট্ৰত যাত্ৰীবাহী নৈশ বাছ দুৰ্ঘটনাগ্ৰস্ত, ৫জনৰ মৃত্যু](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9254247-540-9254247-1603257093724.jpg)
মহাৰাষ্ট্ৰত যাত্ৰীবাহী নৈশ বাছ দুৰ্ঘটনাগ্ৰস্ত, ৫জনৰ মৃত্যু