অসম

assam

ETV Bharat / bharat

ৰাজস্থানত GST জালিয়াতি কৰাৰ অভিযোগত 4 জনক আটক - 1300 কোটি টকাৰ কৰ জালিয়াতি

ৰাজস্থানৰ আলৱাৰ জিলাত বিভিন্ন ক্ষেত্ৰত 1300 কোটি টকাৰ কৰ জালিয়াতি কৰা চাৰিজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ তেওঁ লোকৰ বিৰুদ্ধে বহুজাতিক কোম্পানী সমূহত ভুৱাকৈ টকা বিনিয়োগ কৰাৰ অভিযোগ ৷

ৰাজস্থানত GST জালিয়াতি কৰাৰ অভিযোগত 4 জন আৰক্ষীৰ জালত
ৰাজস্থানত GST জালিয়াতি কৰাৰ অভিযোগত 4 জন আৰক্ষীৰ জালত

By

Published : Dec 20, 2020, 7:40 PM IST

নিউজ ডেস্ক,20 ডিচেম্বৰ : ৰাজস্থানৰ আলৱাৰ জিলাত বিভিন্ন ক্ষেত্ৰত 1300 কোটি টকাৰ কৰ জালিয়াতি কৰা চাৰিজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ তেওঁ লোকৰ বিৰুদ্ধে বহুজাতিক কোম্পানী সমূহত ভুৱাকৈ টকা বিনিয়োগ কৰাৰ অভিযোগ ৷

উল্লেখযোগ্য যে, সমাগ্ৰী আৰু সেৱা কৰ চমুকৈ CGSTৰ আয়ুক্ত কুলদ্বীপ সিঙৰ নেতৃত্বত অভিযান চলাই গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীৰ জালত পৰা অভিযুক্ত কেইজন হৈছে, সঞ্জীৱ জৈন, ভাস্কৰে জাংডিড, সুমিত দত্ত আৰু ৰমেশ জৈন ৷ ইতিমধ্যে আটকেই গৰাকীকে আৰক্ষীয়ে সোধ-পোছ অব্যাহত ৰাখিছে ৷ জানিব পৰা মতে এই ঘটনোটেৱো হৈছে শেহতীয়াকৈ সামগ্ৰী আৰু সেৱা কৰ জালিয়াতিৰ চহৰ খনত সৰ্ব বৃহৎ ঘটনা ৷

আনহাতে আৰক্ষীয়ে দিল্লী,জয়পুৰ আৰু আলৱাৰকে ধৰি বহু ঠাইত অভিযান চলাই ৷ অভিযানৰ সময়ত আৰক্ষীয়ে দলটোৱে কমেও 6 টাকৈ জালিয়াতিৰে স্থাপন কৰা প্ৰতিষ্ঠানক ছীল কৰে ৷ জানিব পৰা মতে প্ৰৱঞ্চক সকলে গঢ় দিয়া কোম্পানী সমূহ হৈছে, মোহিত মেটেলছ, মেছ ভেটো মেটেৰিয়েলছ ইত্যাদি ৷ প্ৰৱঞ্চক সকলে 210 কোটি টকাতকৈ অধিক মূল্যৰ ভুৱা ITC দাবী গ্ৰহণ কৰি চৰকাৰক প্ৰতাৰণা কৰি আহিছিল বুলি তদন্তকাৰী দলটোৱে উল্লেখ কৰিছে ৷ ইপিনে CGST ৰ যুটীয়া আয়ুক্ত কুলদ্বীপ সিঙে সদৰি কৰে যে, অভিযুক্ত সকলক আদালতত হাজিৰ কৰাৰ পিছতে জেললৈ প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়কঃ অজন্তা নেওগৰ বিজেপি লৈ গমনৰ খবৰৰ পাচতে সলনি হৈছে ৰাজনৈতিক প্ৰেক্ষাপট

ABOUT THE AUTHOR

...view details