নেশ্যনেল ডেস্ক, 25 মাৰ্চ : ভাৰতত আৱদ্ধ হৈ থকা 388 জন ৰাছিয়াৰ নাগৰিকক বিশেষ বিমানযোগে সেই দেশলৈ ঘূৰাই পঠিওৱা হৈছে ৷ নতুন দিল্লীত ৰাছিয়াৰ দূতাবাসে এই কথা সদৰী কৰি জনাইছে যে, বিশেষ বিমানযোগে সেই দেশখনৰ নাগৰিকসকলক পঠিয়াই দিয়া হৈছে ৷
ভাৰতত বুধবাৰৰ পৰা আৰম্ভ হোৱা লকডাউনৰ পৰিপেক্ষিতত ৰাছিয়াৰ নাগৰিকসকলক সফলতাপূৰ্বক দেশখনলৈ ওভতাই পঠিওৱা বুলি দিল্লীস্থিত ৰাছিয়াৰ দূতাবাসৰ সংবাদ সহযোগী এভজেনী বেৰেকাই জানিবলৈ দিছে ৷