হিমাচল প্ৰদেশ, ১৯ মে': দেশত চলি থকা লক্ ডাউনৰ মাজতেই বিভিন্ন ৰাজ্যত আৱদ্ধ হৈ থকা ৩,৪০০ গৰাকী লোকক হিমাচল প্ৰদেশলৈ প্ৰত্যাৱৰ্তন । COVID-১৯ ৰ ফলত ঘোষণা কৰা লক্ ডাউনৰ ফলতেই গোৱা, মহাৰাষ্ট্ৰ, কৰ্ণাটকত আৱদ্ধ হৈ আছিল এইসকল হিমাচল প্ৰদেশৰ বাসিন্দা । পাঁচখন বিশেষ ৰে'ল যোগে ১৩ মে'ৰ পৰা উদ্ধাৰ কৰা হয় আৱদ্ধ যাত্ৰী সকলক ।
হিমাচল প্ৰদেশলৈ প্ৰত্যাৱৰ্তন লক্ ডাউনত আৱদ্ধ ৩,৪৯১ গৰাকী লোকৰ - হিমাচল প্ৰদেশলৈ প্ৰত্যাৱৰ্তন ৩,৪৯১ গৰাকী লোকৰ
লক্ ডাউনৰ মাজতেই বিভিন্ন ৰাজ্যত আৱদ্ধ হৈ থকা মুঠ ৩,৪৯১ গৰাকী লোকক হিমাচল প্ৰদেশলৈ প্ৰত্যাৱৰ্তন । গোৱা, কৰ্ণাটক, মহাৰাষ্ট্ৰৰ পৰা পাঁচখন বিশেষ ৰে'লৰ যোগেদি ১৩ মে'ৰ পৰা উদ্ধাৰ কৰা হয় লোকসকলক ৷
![হিমাচল প্ৰদেশলৈ প্ৰত্যাৱৰ্তন লক্ ডাউনত আৱদ্ধ ৩,৪৯১ গৰাকী লোকৰ 3,491 Himachal residents returned back home from different states in five spl trains](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7254212-1072-7254212-1589824271389.jpg)
চৰকাৰী তথ্য় অনুসৰি গোৱা, মহাৰাষ্ট্ৰ, কৰ্ণাটকৰ পৰা ১৩ মে'ৰ পৰা বৰ্তমান পৰ্যন্ত ৩,৪৯১ গৰাকী লোকক হিমাচল প্ৰদেশলৈ প্ৰত্যাৱৰ্তন কৰা হৈছে । ইয়াৰে ২,০৭৪ গৰাকী লোক গোৱাৰ পৰা উনালৈ, ৭৮ গৰাকী নাগপুৰৰ পৰা পাঠানকোটলৈ, ৬৯৭ গৰাকী মুম্বাইৰ পৰা উনালৈ আৰু ৬৪২ গৰাকী কৰ্ণাটকৰ বাংগালুৰুৰ পৰা হিমাচললৈ প্ৰত্যাৱৰ্তন কৰিছে ।
আনহাতে, উনা জিলা উপায়ুক্ত সন্দীপ কুমাৰৰ মতে, মুঠ ৩৪১৩ গৰাকী লোক মহাৰাষ্ট্ৰ, কৰ্ণাটক, গোৱাত লক্ ডাউনৰ ফলত আৱদ্ধ হৈ আছিল । উনালৈ চাৰিখন বিশেষ ৰে'ল যোগে লোকসকলক উদ্ধাৰ কৰি অনা হৈছে । ৬৪২ গৰাকী লোক বেংগালুৰুৰ পৰা ১৩ মে'ত, ১৪৮৬ গৰাকী লোক গোৱাৰ পৰা ১৫ মে'ত, ৬৯৭ গৰাকী মুম্বাইৰ পৰা আৰু ৫৮৮ গৰাকী লোক গোৱাৰ পৰা যোৱা ১৮ মে'ত উনালৈ আহি উপস্থিত হয় বুলি জানিবলৈ দিয়ে ।