অসম

assam

ETV Bharat / bharat

দেশৰ প্ৰতি লাখ লোকৰ বিপৰীতে 144 গৰাকীকৈ আৰক্ষীঃ অমিত শ্বাহ - দেশৰ প্ৰতি লাখ লোকৰ বিপৰীতে 144 গৰাকীকৈ আৰক্ষীঃ অমিত শ্বাহ

সোমবাৰে অনুষ্ঠিত হোৱা আৰক্ষী স্মৃতি দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ কৰ্তব্য পালনৰ সময়তে দেশৰ 34,844গৰাকী আৰক্ষীয়ে সৰ্বোচ্চ বলিদান দিয়াৰ কথা প্ৰকাশ কৰে গৃহমন্ত্ৰীগৰাকীয়ে ৷

ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতি দিৱসত অমিত শ্বাহ

By

Published : Oct 21, 2019, 7:46 PM IST

নিউজ ডেস্ক, 21 অক্টোবৰঃ সোমবাৰে অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতি দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ নতুন দিল্লীৰ চানক্যপুৰীস্থিত ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতি দিৱসত প্ৰধানমন্ত্ৰীৰ লগতে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷

ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতি দিৱসত অমিত শ্বাহ

লগতে পঢ়কঃ ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতি দিৱসত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতি দিৱসৰ কাৰ্যসূচীতে দেশৰ সুৰক্ষা তথা নিৰাপত্তাৰ স্বাৰ্থত সৰ্বোচ্চ বলিদান দিয়া কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ সাহসী বীৰসকলক স্মৰণ কৰে শ্বাহে ৷ দেশৰ হেতু সৰ্বোচ্চ বলিদান দিয়া বীৰসকলক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ লগতে ভাষণ প্ৰদান কৰে গৃহমন্ত্ৰীগৰাকীয়ে ৷

ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতি দিৱসত গৃহমন্ত্ৰীগৰাকীয়ে এক পৰিসংখ্যা দাঙি ধৰে ৷ গৃহমন্ত্ৰীগৰাকীয়ে দাঙি ধৰা পৰিসংখ্যা অনুসৰি দেশৰ একতা,সুৰক্ষা তথা সাধাৰণ জনতাৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ 34,844 গৰাকী আৰক্ষী কৰ্মীয়ে সৰ্বোচ্চ বলিদান দিছে ৷ আজিৰ দিনটোত ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত থকা শ্বহীদৰ সূচীত 292 গৰাকী বীৰ শ্বহীদৰ নাম সংযোজিত হয় ৷ দেশত 1 লাখ লোকৰ বিপৰীতে 222গৰাকী আৰক্ষী কৰ্মী থাকিব লাগে যদিও বৰ্তমান সময়ত 144 গৰাকী আৰক্ষীয়ে প্ৰতি 1 লাখ জনসাধাৰণক সেৱা আগবঢ়াই আহিছে ৷ ইয়াৰ বাবেই 90 শতাংশ আৰক্ষী কৰ্মীয়ে প্ৰতিদিনে 12 ঘন্টাতকৈ অধিক সময় কৰ্তব্য পালন কৰাৰ লগতে চাৰিভাগৰ তিনিভাগেই সাপ্তাহিক ছুটী লোৱাৰ পৰা বঞ্চিত হৈ আছে ৷

ABOUT THE AUTHOR

...view details