অসম

assam

By

Published : Jun 11, 2020, 6:04 PM IST

ETV Bharat / bharat

মণিপুৰত নতুনকৈ ৩১ জনৰ কোভিড-১৯ পজিটিভ

চুবুৰীয়া ৰাজ্য মণিপুৰত ৩৪২ জনলৈ বৃদ্ধি পাইছে কোভিড-১৯ আক্ৰান্ত হোৱা লোকৰ সংখ্যা। ইয়াৰে ২৭৯ গৰাকী ৰোগী সক্ৰিয় অৱস্থাত আছে।

covid 19
31 more covid 19 cases in manipur

নিউজ ডেস্ক, ১১ জুনঃমণিপুৰত নতুনকৈ ৩১ জন ব্যক্তিৰ দেহত ধৰা পৰিছে কোভি-১৯ৰ উপস্থিতি। বৃহস্পতিবাৰলৈকে চুবুৰীয়া ৰাজ্যখনত কোভিড-১৯ আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৩৪২ জনলৈ বৃদ্ধি পাইছে। ৰাজ্যখনৰ কোভিড-১৯ আক্ৰান্ত মুঠ ৩৮২ গৰাকী লোকৰ ভিতৰত বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে ২৭৯ গৰাকী ৰোগী।

মণিপুৰত নতুনকৈ ৩১ জনৰ কোভিড-১৯ পজিটিভ

নতুনকৈ এই ভাইৰাছৰ কৱলত পৰা মুঠ ৩১ গৰাকী লোকৰ ভিতৰত ১৩ গৰাকীকৈ পশ্চিম ইম্ফল আৰু টামেংলঙৰ,কাকচিং আৰু উখৰুলৰ ২ গৰাকীকৈ আৰু বিষ্ণুপুৰ এজন লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ৰ উপস্থিতি।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ তথ্য অনুসৰি,দেশত মুঠ ২,৮৬,৫৭৯ গৰাকী লোকৰ কোভিড-১৯ পজিটিভ পোৱা গৈছে। আনহাতে,এই মহামাৰীত মৃত্যুমুখত পৰিছে ৮,১০২ গৰাকী ব্যক্তি।

লগতে চাওকঃ নগাঁও আৰক্ষীৰ জালত দুই পলাতক অভিযুক্ত ড্ৰাগছ ব্যৱসায়ী

ABOUT THE AUTHOR

...view details