নিউজ ডেস্ক, 3 জুলাইঃবিহাৰ আৰু উত্তৰ প্ৰদেশত বৃহস্পতিবাৰে সংঘটিত হয় এক কৰুণ ঘটনা ৷ বজ্ৰপাত পৰি কৰুণ মৃত্যুক আঁকোৱালি ল’লে 31 জনকৈ লোকে ৷
বৃহস্পতিবাৰে কেৱল বিহাৰতে বজ্ৰপাত পৰি মৃত্যু হয় 26 জন লোকৰ ৷ ৰাজ্যখনত বিগত এটা সপ্তাহত বজ্ৰপাত পৰি 100 জনতকৈ অধিক লোকৰ মৃত্যু হোৱা বুলি আনুষ্ঠানিক ভাৱে সদৰী কৰা হৈছে ৷ ৰাজ্যখনৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ফালৰ পৰা শেহতীয়াকৈ মৃত্যু হোৱা লোকসকল আঠখন জিলা ক্ৰমে পাটনা, ছমস্তিপুৰ, ইষ্ট চাম্পাৰণ, ৱেষ্ট চাম্পাৰণ, শিৱহৰ, কাথিহাৰ, মাধেপুৰাআৰুপুৰ্ণিয়াৰ বুলি উল্লেখ কৰিছে ৷
ছমস্তিপুৰত সৰ্বাধিক সাত জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে পাটনাত ছয় জন, ইষ্ট চাম্পাৰণত চাৰি জন, কাথিহাৰত তিনি জন, শিৱহৰ আৰু মাধেপুৰাত দুজনকৈ আৰু ৱেষ্ট চাম্পাৰণ আৰু পুৰ্ণিয়াত এজনকৈ লোকৰ মৃত্যু হৈছে ৷