নিউজ ডেস্ক, 9 জুনঃ ওড়িশাৰ মলকানগিৰী গাঁৱত আৰক্ষীয়ে জব্দ কৰে 3000 কিলোগ্ৰাম গাঞ্জা ৷ গাঞ্জাখিনিৰ বজাৰ মূল্য 2 কোটি টকা ৷ 6 জুনত জব্দ এই গাঞ্জাখিনিৰ সৈতে আৰক্ষীয়ে 34 জন লোকক আটক কৰে ৷ উল্লেখ্য যে গাঞ্জা সৰবৰাহকাৰী আৰু আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত এজন আৰক্ষী আহত হয় ৷
গাঞ্জাৰ বৃহৎ ব্যৱসায়, ওড়িশাত আটক 34 সৰবৰাহকাৰী - etv bharat
6 জুনত জব্দ এই গাঞ্জাখিনিৰ সৈতে আৰক্ষীয়ে 34 জন লোকক আটক কৰে৷ উল্লেখ্য যে গাঞ্জা সৰবৰাহকাৰী আৰু আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত এজন আৰক্ষী আহত হয়৷
উৰিষ্যাত গাঞ্জা সহ আটক 34 জন গাঞ্জা সৰবৰাহকাৰী
গাঞ্জা সৰবৰাহকাৰী কেইজনৰ ভিতৰত 17 জন মলকানগিৰী গাঁৱৰ বাসিন্দাৰ লগতে 11 জন নবৰংগপুৰৰ, 5 জন কোৰাপোটৰ আৰু এজন ছত্তিশগড়ৰ বুলি জানিব পৰা গৈছে৷