অসম

assam

ETV Bharat / bharat

কোৱাৰেণ্টাইন সম্পূৰ্ণ হোৱা 600 লোকক মুকলি জম্মু-কাশ্মীৰত

14 দিনৰ কোৱাৰেণ্টাইন সম্পূৰ্ণ কৰাৰ পিচত জম্মু-কাশ্মীৰৰ ভিন্ন জিলাৰ পৰা 600 ৰো অধিক লোকক ঘৰলৈ যাবলৈ দিয়া হয় । জম্মু খাটোৱা জিলাৰ পৰাই 300 লোকক মুকলি কৰি দিয়া হয় ।

300 released after completing quarantine period in Kathua
কোৱাৰেণ্টাইন সম্পূৰ্ণ হোৱা 600 লোকক মুকলি জম্মু-কাশ্মীৰত

By

Published : Apr 2, 2020, 9:04 AM IST

জম্মু, 2 এপ্ৰিলঃ জম্মু-কাশ্মীৰৰ ভিন্ন জিলাৰ পৰা 600 ৰো অধিক লোকক 14 দিনৰ কোৱাৰেণ্টাইন সম্পূৰ্ণ কৰাৰ পিচত ঘৰলৈ যাবলৈ দিয়া হয় । বুধবাৰে খাটোৱা জিলাৰ পৰা 300 লোকক অব্যাহতি দিয়া বুলি জিলাখনৰ প্ৰশাসনে জনায় ।

খাটোৱা হৈছে জম্মু- কাশ্মীৰৰ প্ৰৱেশ দুৱাৰ । এই জিলাতে জম্মু-কাশ্মীৰৰ সৰ্ব বৃহৎ কোৱাৰেণ্টাইন কেন্দ্ৰ নিৰ্মাণ কৰা হৈছিল ।

আনহাতে শ্ৰীনগৰৰ ভিন্ন স্থানৰ পৰা 236 জন লোকক বুধবাৰে ঘৰলৈ যাবলৈ দিয়া হয় ।

কুপুৱাৰা কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা অব্যাহতি লাভ কৰি ঘৰলৈ উভতা নাজিৰ ৱানিয়ে সাংবাদিকৰ আগত কয় যে, চৰকাৰে তেওঁলোকক কোৱাৰেণ্টাইন কেন্দ্ৰত সুবিধা দিবলৈ সকলো সম্ভৱপৰ চেষ্টা কৰিছে । সেয়ে কোনো অসুবিধা নোপোৱাকে তেওঁলোকে ১৪ দিন কেম্পত কটালে ।

ABOUT THE AUTHOR

...view details