ত্ৰিপুৰাত 118লৈ বৃদ্ধি পালে কৰ'ণাত আক্ৰান্তৰ সংখ্যা
ত্ৰিপুৰাত নতুনকৈ ত্ৰিশ জন বৃদ্ধি পালে কৰ'ণাত আক্ৰান্ত ৰোগী
ত্ৰিপুৰাত 118লৈ বৃদ্ধি পালে কৰ'ণাত আক্ৰান্তৰ সংখ্যা
কৰিমগঞ্জ,9 মে'ঃ ত্ৰিপুৰাত অভাৱনীয় হাৰত বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা । পুনৰ ত্ৰিশ জনৰ গাত ধৰা পৰিছে COVID-19ৰ উপস্থিতি । শুকুৰবাৰে মাজনিশা এই তথ্য সদৰি কৰিছে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে । আক্ৰান্তৰ মাজৰ 25 গৰাকী হৈছে 86 th BN BSF ৰ জোৱান ,চাৰি গৰাকী 138 th BN BSF জোৱান আৰু এগৰাকী ট্ৰাক চালক ৷ ক্ৰমাণ্বয়ে আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাত ব্যাপক আতংকৰ সৃষ্টি হৈছে চুবুৰীয়া ৰাজ্যখনত ৷